ৰহস্যবাদী  কবি  নলিনী বালা দেৱী- মুন শৰ্মা

Pc Wikipedia
ৰহস্যবাদী  কবি  নলিনী বালা দেৱী
    অসমীয়া সাহিত্য জগতত ৰহস্যবাদী কবি হিচাপে জনাজাতনীলিনীবালা দেৱীৰ জন্ম  অসমৰ বৰপেটা জিলাত ১৮৯৮ চনৰ ২৩ মাৰ্চত। তেওঁৰ দেউতাকৰ নাম কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ আৰু মাতৃৰ নাম হেমন্ত কুমাৰী।
      নলিনীবালা দেৱীৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল , কাৰণ পৰাধীন ভাৰতত সেই সময়ত নাৰী শিক্ষাৰ কোনো গুৰুত্ব নাছিল । গতিকে তেওঁ আনুষ্ঠানিক শিক্ষা লাভ কৰিব পৰা নাছিল। তেওঁ যদিও শিক্ষা লাভৰ ক্ষেত্ৰত কতো যাব পৰা নাছিল তথাপিও  গোপাল দে নামৰ এজন শিক্ষকৰ ওচৰত ঘৰতে  সংস্কৃত, গীত, ছবি অঁকা আদিৰ শিক্ষা লাভ কৰিছিল। উল্লেখযোগ্য যে আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে তেওঁ  অসাধাৰণ পণ্ডিত্যৰ  পৰিচয় দিছিল।
        তেওঁ পিতা নামৰ কবিতাটোত জৰিয়তে  মাত্ৰ দহ বছৰ বয়সতে  সাহিত্য জগতত প্ৰৱেশ কৰিছিল তাৰ পাছৰ পৰা একেৰাহে বিভিন্ন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি  থৈ গৈছে। তেওঁৰ ৰচনা বোৰত জন্মান্তবাদ প্ৰতি আস্থা প্ৰতিফলিত হোৱাৰ দেখা যায়।
   তেওঁৰ উল্লেখযোগ্য ৰচনা সমূহ হ’ল –  কাব্য পুথি :- সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ,  স্মৃতি তীৰ্থ, পৰশমণি, যুগদেৱতা, অলকানন্দা আদি।
প্ৰবন্ধ :-শান্তিপথ
আত্মজীৱনী :- এৰি অহা দিনবোৰ
জীৱনী মূলক গ্ৰন্থ :-চৰ্দাৰ বল্লৱ ভাই পেটেল
         আদি ভালে কেইখন পুথি ৰচনা  কৰি গৈছে। তেওঁৰ প্ৰকাশ নোহোৱাকৈও কেইবাখনো পুথি  থাকি গ’ল  তাৰে ভিতৰত মন্দাকিনী, জোনাকৰ স্বপ্ন সুৰভি উল্লেখযোগ্য।
নলিনীবালা দেৱী  বহুত বঁটা আৰু সন্মানৰে স্বীকৃত হৈছে তেওঁক ১৯৬৭ চনত অলকানন্দা পুথি খনৰ বাবে সাহিত্য অকাডেমি পুৰস্কাৰ  কৰিছিল,  আৰু ১৯ ৭৭ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। ইয়াৰ উপৰিও ১৯৫৪ চনত কেন্দ্ৰীয় চৰকাৰৰ সাহিত্য বৃত্তি লাভ কৰিছিল আৰু অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন ১৯৪৮ চনত লাভ কৰিছিল।
       এই খিনিতে এটা কথা কৈ থওঁ যে  অসম সাহিত্য সভাৰ১৯৫৪ চনৰ অধিবেশনৰ সভাপতি নলিনীবালা দেৱী আছিল। অসম সাহিত্য সভাৰ এই সন্মান পোৱা তেওঁ হৈছে প্ৰথম গৰাকী মহিলা সাহিত্যিক।
       নলিনীবালা দেৱীৰ পাৰিবাৰিক   জীৱনৰ কথা ক’ব গ’লে সুখৰ নহয় বুলি ক’ব লাগিব  । তেওঁ ১৯০৯ চনত ১২ বছৰ বয়সতে শিৱসাগৰৰ  জীৱেশ্বৰ চাংকাকতি লগত বিয়াত সোমাই , কিন্তু  ১৯ বছৰ বয়সত অৰ্থাৎ ১৯১৭চনত
স্বামীৰ অকাল মৃত্যৰ বাবে বিধবা হ’ব লগা হয়। ইয়াৰ পাছত তেওঁৰ দুগৰাকী পুত্ৰ সন্তানও অকাল মৃত্যু হৈছিল।  এই জনা সাহিত্যিক নলিনীবালা দেৱীৰ মৃত্যু হয় ১৯৭৭ চনৰ২৪ ডিচেম্বৰত।
 মুন শৰ্মা,
লখিমপুৰ