মানৱতাবোধ- ৰশ্মিৰেখা দুৱৰা

Pc- Anjali's Contemplations
(অণুগল্প)
মানৱতাবোধ
                ৰশ্মিৰেখা দুৱৰা
পদ পথৰ কাষত সৰু ল’ৰা- ছোৱালী দুটাই পেলনীয়া খাদ্যবোৰ গ্ৰহণ কৰি আছে।খুব ৰংমনে হেঁপাহেৰে গ্ৰহণ কৰিছে । তেনেতে ওচৰেদি পাৰহৈ যাওঁতে এগৰকী ব্যক্তিয়ে সুধিলে,
ইমান বেয়া খাদ্যবোৰ কিয় খাইছা?
:ছোৱালী জনীয়ে তপৰাই উত্তৰ দিলে–আমাৰ মা নাই নহয়,দেউতাৰো অসুখ।আমাক খাদ্য কোনে যোগাৰ কৰি দিব,আমি এনেদৰেই খাই জীয়াই আছো।
 ব্যক্তিগৰাকীয়ে দুয়োকে সাৱটি ধৰি মৰমেৰে ক’লে,এনেবোৰ খাদ্য খালে বেমাৰ হ’ব নহয়।মাইনাহঁত এইকেইটা টকা লোৱা দেউতাক চিকিৎসা কৰিবা আৰু তোমালোকে ভাল খাদ্য খাবা।দুয়োটাৰে মুখত যেন আনন্দৰ জোৱাৰ উঠিল।