ৰশ্মিতা হোজাইৰ ৰহস্যজনক মৃত্যুৰ উচিত তথা শীঘ্ৰে তদন্ত হওঁক : এবিভিপি

ৰশ্মিতা হোজাইৰ ৰহস্যজনক মৃত্যুৰ উচিত তথা শীঘ্ৰে তদন্ত হওঁক : এবিভিপি
ৰেলৱে বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ দিল্লী লৈ যোৱা ৰশ্মিতাৰ দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় লাভ কৰক

ৰঙিলী বাৰ্ত্তাসেৱা- দুচকুত সফলতাৰ স্বপ্ন লৈ দেশৰ ৰাজধানী দিল্লীলৈ ৰেলৱে বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যোৱা ডিমা হাছাও জিলাৰ ৰশ্মিতা হোজাই যোৱা ৫ জুন তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছিল। ৰশ্মিতাৰ মৃতদেহ ৰহস্যজনক ভাৱে ১০ জুন তাৰিখে উত্তৰাখণ্ডৰ ঋষিকেশৰ গংগা নদীৰ তীৰত উদ্ধাৰ হয়। পৰীক্ষা দিবলৈ দেশৰ ৰাজধানী চহৰলৈ যাৱা ডিমা হাছাওৰ জীয়ৰী ৰশ্মিতাৰ মৃত্যুদেহ ঋষিকেশত উদ্ধাৰ হোৱাৰ ঘটনা অতিকৈ ৰহস্যজনক।অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সমগ্ৰ ঘটনাটোৰ শীঘ্ৰে আৰু উচ্চ স্তৰীয় তদন্তৰ দাবী জনাই অসহায় ৰশ্মিতাৰ পৰিয়ালটোক ন্যায় প্ৰদানৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত আহ্বান জনায়। উল্লেখযোগ্য যে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ বহুতো প্ৰান্তৰ ছাত্ৰ ছাত্ৰী অধ্যয়নৰ বাবে আৰু বহুতো লোকে নিজৰ জীৱন নিৰ্বাহৰ বাবে বাস কৰে। গতিকে ভবিষ্যতৰ সময়ত এই সমূহ লোকৰ লগত যাতে পুনৰ ৰশ্মিতাৰ দৰে ঘটনা সংঘটিত নহয় তাৰ বাবে চৰকাৰ তথা প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহন কৰিবলৈ এবিভিপিৰ তৰফৰ পৰা দাবী জনোৱা হয়।