ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ নতুন অধিনায়কৰ নাম ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- বহু চৰ্চাৰ অন্তত ঘোষণা কৰা হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলৰ অধিনায়কৰ নাম।তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ নাম পুনৰ এবাৰ অধিনায়ক পদৰ বাবে জল্পনা-কল্পনা চলিছিল যদিও অৱশেষত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে বেংগালুৰুত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত নতুন অধিনায়কৰ নাম ঘোষণা কৰে ৷ মিডল অৰ্ডাৰ বেটছমেন ৰজত পাটিদাৰক আৰ চি বিৰ নতুন অধিনায়ক হিচাপে ঘোষণা কৰে ।২০২১ চনত পাটিদাৰে আৰচিবিত যোগদান কৰিছিল। তেতিয়াৰ পৰাই তেওঁ দলৰ হৈ খেলিয়েই আছে। আই পি এল ২০২৫ৰ মেগা নিলামৰ পূৰ্বে আৰ চি বিয়ে মাত্র তিনিজন খেলুৱৈক ধৰি ৰাখিছিল, য’ত ৰজত পাটিদাৰো আছিল। ১১ কোটি টকাৰ বিনিময়ত দলটোৱে পাতিদাৰক ধৰি ৰাখিছিল। পাটিদাৰৰ উপৰি আৰ চি বিয়ে বিৰাট কোহলি আৰু যশ দয়ালক ধৰি ৰাখিছিল। কোহলিক ২১ কোটি আৰু যশ দয়ালক ৫ কোটি টকাত ৰখা হৈছিল। অনুৰাগীসকলে নতুন অধিনায়ক ৰজত পাটিদাৰৰ সৈতে আই পি এল ২০২৫ত প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ লাভৰ আশা কৰিব। পাটিদাৰে এই পৰ্যন্ত আৰ চি বিৰ হৈ বেটছমেন হিচাপে উজ্জ্বল প্রদর্শন আগবঢ়াইছে যদিও এতিয়া অধিনায়ক হিচাপে দলৰ হৈ কেনে প্রদর্শন আগবঢ়ায় সেয়া চাবলৈ আগ্রহী হ’ব। মন কৰিবলগীয়া যে ২০২১ চনত আৰ চি বিৰ হৈ খেলি আই পি এলত অভিষেক ঘটা ৰজত পাটিদাৰে আই পি এল কেৰিয়াৰত এইপর্যন্ত ২৭খন মেচ খেলিছে। এই মেচসমূহৰ ২৪টা ইনিংছত তেওঁ গড়ে ৩৪.৭৩ আৰু ষ্ট্ৰাইক ৰেট ১৫৮.৮৪ত ৭৯৯ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ ১টা শতক আৰু ৭টা অর্ধশতক অৰ্জন কৰিছে।উল্লেখ্য যে এই অনুষ্ঠানত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে আই পি এল ২০২৫ৰ বাবে তেওঁলোকৰ নতুন জাৰ্চি মুকলি কৰে। লগতে দলটোৰ নিষ্ঠাবান অনুৰাগীৰ বাবে এটা নতুন ৱেবছাইট মুকলি কৰে । যাৰ জৰিয়তে অনুৰাগীসকলে প্ৰথমে নিজৰ প্ৰিয় আৰ চি বি দলৰ সৈতে জড়িত প্ৰতিটো নতুন আপডেট জানিব পাৰিব ।