ৰ’য়িঙত দুৰ্বৃত্তৰ গুলীত নিহত বিশ্বনাথৰ যুৱক, অসম জাতীয় পৰিষদে প্ৰকাশ কৰিলে উদ্বিগ্নতা, বহিঃৰাজ্যত অসমৰ যুৱক-যুৱতীৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণাচল প্ৰদেশৰ ৰ’য়িঙত দুৰ্বৃত্তৰ গুলীত বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১নং বগীসূতি গাঁৱৰ শংকৰ পেগু নামৰ যুৱকগৰাকীৰ হত্যাকাণ্ডক নিন্দা কৰি তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ দাবী কৰিছে অসম জাতীয় পৰিষদে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘ৰ’য়িঙত দুৰ্বৃত্তৰ গুলীত বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১নং বগীসূতি গাঁৱৰ শংকৰ পেগু নামৰ যুৱকগৰাকীৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ হ’ব লাগে। এই ঘটনাৰ দোষীয়ে উচিত শাস্তি পাবই লাগিব।’’বহিঃৰাজ্যত অসমৰ যুৱক-যুৱতীৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী কৰি গগৈ আৰু ভূঞাই লগতে কয়, ‘‘অসম-অৰুণাচল সীমান্তত কৰ্মৰত অসমৰ যুৱক-যুৱতীসকলৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে চৰকাৰে। লগতে, দেশৰ অন্য ৰাজ্যতো কৰ্মৰত যুৱবন্ধুসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জুন মাহতো জোনাইৰ ডেকাপামৰ প্ৰভাস দলে’ নামৰ এজন যুৱকক ইটানগৰত হত্যা কৰিছিল অৰুণাচলী দুৰ্বৃত্তই৷ এই বিক্ষিপ্ত ঘটনাবোৰে অসম-অৰুণাচলৰ মাজৰ সমন্বয় বিঘ্নিত কৰিব পাৰে। সেয়ে দুয়োখন ৰাজ্যৰ ৰাজ্য চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে লৈ ভৱিষ্যতে এনেধৰণৰ ঘটনা সংঘটিত নোহোৱাটো নিশ্চিত কৰিব লাগে। লগতে, শংকৰ পেগু আৰু প্ৰভাস দলে’ৰ পৰিয়াল দুটিক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিব লাগে।’’শংকৰ পেগু আৰু প্ৰভাস দলে’ৰ পৰিয়াল দুটিয়ে ন্যায় পাব লাগিব বুলি উল্লেখ কৰি অসম জাতীয় পৰিষদে শোকাকুল পৰিয়ালদুটিক সমবেদনা জ্ঞাপন কৰে।