ৰমজান – লখিমী শৰ্মা

Pc- The Quint
ৰমজান 
ৰমজান হ’ল ইছলামীক বৰ্ষপঞ্জিকা অনুসৰি নৱম মাহ , যি মাহত বিশ্বব্যাপী মুছলীমসকলে ইছলামীক উপবাস ছিয়াম পালন কৰি থাকে । ৰমজান মাহত ছিয়াম ( ৰোজা  )  ইছলামৰ পঞ্চস্তম্ভ তৃতীয়তম । ৰমজান মাহৰ জোন দেখাৰ ওপৰত ভিত্তি কৰি ত্ৰিশ দিনলৈ ৰোজা ৰখা হয় , যিটো নিৰ্ভৰযোগ্য হাদিছৰ দ্বাৰা প্ৰমাণিত । এই মাহত প্ৰত্যেক প্ৰাপ্তবয়স্ক  ও সুস্থ মুছলীম ব্যক্তিৰ ওপৰত ছিয়াম ( ৰোজা ) পালন ফৰজ , কিন্তু অসুস্থ , গৰ্ভৱতী , ডায়েবেটিক ৰোগী , ঋতুৱৰ্তী নাৰীসকলৰ ক্ষেত্ৰত সেয়া শিথিল কৰা হৈছে । ৰোজা বা ছিয়াম হ’ল ছুবেহ ছাদিকৰ পৰা সূৰ্যাস্তলৈকে সকলো প্ৰকাৰ পানাহাৰ , পঞ্চইন্দ্ৰিয়ৰ দ্বাৰা গুণাহ ( পাপ ) কামৰ পৰা বিৰত থাকে  । এই মাহত মুছলীমসকল অধিক ইবাদত কৰি থাকে , কাৰণ অন্য মাহৰ তুলনাত এই মাহত ইবাদতৰ ছওয়াব (  পুণ্য  )  বহুগুণে বঢ়াই দিয়া হয় । এই মাহৰ শ্ববে কদৰ ( ৰমজানৰ ২৭ দিনৰ ৰাতি  ) নামৰ ৰাতিত কোৰআন অৱতীৰ্ণ হৈছিল বুলি কোৰআনত উল্লেখ আছে , যি ৰাতিক আল্লাহ য়ে  কোৰআনতেই  হাজাৰ মাহতকৈ উত্তম বুলি কৈছে  । এই ৰাতি ইবাদত কৰিলে হাজাৰ মাহৰ  ইবাদতকৈও  অধিক  ছওয়াব (  পুণ্য  )  পোৱা যায় । ৰমজান মাহৰ শেষৰ দিন শ্বাওয়াল মাহৰ জোন দেখা গ’লে শ্বাওয়াল মাহৰ   ১ তাৰিখে মুছলীমসকলে ঈদ – উল – ফিতৰ পালন কৰে , যিটো মুছলীমসকলৰ দুটা প্ৰধান ধৰ্মীয় উৎসৱৰ মাজত এটা  ।।।।
লখিমী শৰ্মা
 যোৰহাট