ৰমজান
এটি মহা উপহাৰ…
যি চন্দ্ৰৰ বাৰ টি বেজাৰ আৰু
বাৰ টি হাঁহিৰ মাজত
আমি এবাৰ হে খুজি পাওঁ।
প্ৰভুৰ অতিকৈ অমূল্য এটি দান….
যাৰ মাজত সংমিশ্ৰিত হৈ আছে
নমনীয়তা আৰু ভাতৃত্ববোধ,
কোমলতা আৰু চেনেহৰ অমিয় অমৃত।
এছাটি মলয়া জুয়ো য’তে
জ্বলি আছে মাথোঁ ভষ্মীভুত
কৰিবলৈ মানৱৰ অন্তৰত থিতাপি লোৱা
নিকৃষ্ট দানৱতাক।
ৰমজান ইয়াৰ নাম,
যদি ইয়াৰ বাকলি ফালি চোৱা যায়…
ভিতৰৰ পৰা ওলাই পৰে
বিজ্ঞানৰ শত সুৰংগ।
দৈহিক আৰু মানসিক
বাহ্যিক আৰু আভ্যন্তৰীণ
ভেষজৰ শত আলেখ্য।
যি ৰোজাৰ ৰূপ লৈ
অআমাৰ মাজত যুগ ভ্ৰমি স্ব-গতিত আহি থাকে।
ওৰে বছৰৰ মলিন আৱৰ্জনাক
নিমিষতে পৰিচ্ছন্নতাৰ
শুকুলা চাদৰেৰে পৰিৱেষ্টিত কৰি থৈ যায়।
আৰু দি থৈ যায় ঈদ নামৰ অন্য এটি
খুচিৰ সম্ভাৰ।
কাজি শ্বাহাদত ইছলাম