ৰমজানৰ ৰোজা – চুমী ৰহমান

ৰমজানৰ ৰোজা

চুমী ৰহমান,  ভেটাপাৰা

এই মাহটো সমগ্ৰ বিশ্বৰ মুছলমান লোকসকলে অন্তঃ কৰণেৰে মহান আল্লাহৰ সন্তুষ্টিৰ অৰ্থে উপবাসেৰে কটায় , যাক কোৱা হয় ৰোজা ৷ ৰোজা হৈছে এক আল্লা প্ৰদত্ত বিধি যাক পবিত্ৰ কোৰান শ্বৰীফত সুন্দৰ ভাৱে বৰ্ণনা কৰা হৈছে ৷ এই মাহটোৰ আটাইতকৈ ডাঙৰ মহত্ত্ব হ’ল , এই মাহতেই হজৰত মোহাম্মদে পবিত্ৰ কোৰানৰ প্ৰথম আয়াত (শ্লোক) আল্লাহৰ পৰা লাভ কৰিছিল ৷ এই মাহটোতেই আল্লাহে সমগ্ৰ মানৱ জাতিৰ বাবে কোৰান শ্বৰীফৰ আয়াত নজিল (অৱতীৰ্ণ ) কৰিছিল ৷ এই মাহটো ৰহমত (আল্লাহৰ দয়া)ৰ মাহ , যিটো অলংকৃত কৰা হৈছে ইবাদত নামাজ (প্ৰাৰ্থনা ) ৰোজা (উপবাস) আৰু চদকা (দান) ৰ দৰে বিশেষত্বৰ দ্বাৰা ৷

ৰমজান শব্দটো আৰবী ৰমজ শব্দৰ পৰা উৎপত্তি হোৱা ৷ যাৰ অৰ্থ হৈছে দহন কৰা ৷ যেনেদৰে ধাতু সোণ ৰূপ আদি সমূহৰ দহন ঘটাই ইয়াৰ ময়লা বা অশুদ্ধি দূৰ কৰা হয় , ঠিক তেনেদৰেই ৰোজাই মানুহৰ দৈহিক মানসিক তথা ইন্দ্ৰিয় অশুদ্ধ সমূহ দহন কৰি জীৱনটোক পুনৰুজ্জীৱিত কৰাত সহায় কৰে ৷ উপবাহক আৰবী ভাষাত কোৱা হয় ’চিয়াম’ যাৰ ফাৰ্চী প্ৰতিশব্দ হৈছে ৰোজা ৷ ৰোজাৰ উদ্দেশ্য হৈছে মানুহক ধৈৰ্য্য , অনুশাসন , বিনম্ৰতা আৰু আধ্যাত্মিকতাৰ শিক্ষাৰে শিক্ষিত কৰা ৷ ৰমজান মাহৰ ৰোজা ৰখাৰ উদ্দেশ্য টোৱেই হৈছে আল্লাহৰ ওচৰত নিজৰ অতীতৰ সকলো গুণাহ (পাপ) ৰ তৌবাহ (প্ৰায়শ্চিত্ত) কৰা তথা সকলো অপকৰ্মৰ পৰা নিজকে মুক্ত কৰি অনাগত দিন বিলাকত সৎ আৰু চৰিত্ৰবান হোৱাৰ কচৰৎ কৰা ৷ ৰোজাই মানুহৰ আত্মনিয়ন্ত্ৰণৰ দিশটোৰ বিকাশ ঘটাই তাক শক্তিশালী কৰে ৷ যিয়ে দুশ্চিন্তা আৰু বেয়া অভ্যাসৰ পৰা নিজকে মুক্ত কৰি ৰখাত সহায় কৰে ৷ ভোক নিবাৰণৰ মানুহৰ যি সহজাত প্ৰৱণতা থাকে , তাৰ পৰা বিৰত থাকি আত্মসংযমৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰি জীৱনটো অধিক শক্তিশালী কৰিব কৰা যায় ৷ ৰোজাই মানুহক সহানুভূতিশীল কৰি তোলে , আনৰ দুখ কষ্টক বুজি তাৰ সমভাগী হোৱাৰ মানসিকতা প্ৰদান কৰে , যিয়ে নিজৰ জীৱনটোৰ মূল্যাংকন কৰাত সহায় কৰে ৷সূৰ্যোদয়ৰ প্ৰাক মূহুৰ্তৰ পৰা সূৰ্য্যাস্তলৈকে প্ৰায় ১৪/১৫ ঘন্টা সময় কোনো ধৰণৰ খাদ্য খোৱাৰ পৰা বিৰত থাকি ৰোজা পালন কৰা হয় ৷ শাৰীৰিক উপবাস হৈছে ৰোজাৰ এটা প্ৰতীক ৷ যি আভ্যন্তৰীণ আৰু প্ৰকৃত ৰোজাৰ বাহ্যিক ৰূপ ৷

ৰমজান মাহত ৰোজা পালন কৰাটো ইছলামৰ পাঁচটা বাধ্যতামূলক স্তম্ভৰ ভিতৰত অন্যতম ৷ ১/ ’কলিমা’ – আল্লাহৰ একেশ্বৰবাদৰ প্ৰতি বিশ্বাস স্থাপন ৷
নামাজ – দিনটোত পাঁচবাৰ আল্লাহৰ প্ৰাৰ্থনা ৷
ৰোজা – ৰমজান মাহত ৩০ দিনৰ উপবাস ৷
জাকাত- কেৱল ধনী লোক সকলে নিজৰ জমা ধন সম্পত্তিৰ এক অংশ প্ৰতি বছৰে দুখীয়া নিচলাৰ মাজত দান কৰা কৰ্ম ৷
হজ- ধনী , সামৰ্থবান লোক সকলে জীৱনত এবাৰ পবিত্ৰ মক্কা শ্বৰীফত তীৰ্থ কৰ্ম সম্পন্ন কৰা ৷

ৰমজান মাহৰ শেষত নতুন জোন দেখিলেই ঈদ-উল-ফিতৰ পালন কৰা হয় ৷ এইদিনটো অতি আনন্দৰ দিন কিয়নো আল্লাহৰ এটা অতিকৈ মহত্ত্বপূৰ্ণ আদেশ সফলভাৱে পালন কৰাৰ ফূৰ্তি , য’ত আছে আনক আনন্দিত কৰাৰ এক উন্মাদনা যিয়েই সকলোৰে বাবে কঢ়িয়াই আনে মাথোঁ এটি বাৰ্তা – ” মহামিলনৰ বাৰ্তা । সমুহ অসমবাসীলৈ মোৰ হিয়াভৰা ৰমজান আৰু ঈদ মোবাৰক ।