‘ৰমজানৰ কবিতা’ৰ দশম বাৰ্ষিক সংখ্যাৰ শুভ উন্মোচন

‘ৰমজানৰ কবিতা’ৰ দশম বাৰ্ষিক সংখ্যাৰ শুভ উন্মোচন
মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা-   মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ খাইৰ প্ৰকাশনে প্ৰতি বছৰে পৱিত্ৰ ৰমজান মাহ উপলক্ষে ৰমজান মাহত প্ৰকাশ কৰা ‘ৰমজানৰ কবিতা’ নামৰ অসমীয়া কাব্য সংকলনখনৰ দশম বাৰ্ষিক সংখ্যাটি আজি আবেলি ৩ বজাত মৈৰাবাৰী প্ৰেছ ক্লাৱত বিশিষ্ট কবি, লেখক বাহাৰুল উলুম চৌধুৰীৰ পৌৰোহিত্যত শুভ উন্মোচন হৈ যায়৷ কবি খাইৰুল ইছলাম আৰু মুহাম্মাদ আফজাল সম্পাদিত কাব্য সংকলনখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক, জ্যেষ্ঠ কবি হানিফ উদ্দিন আহমেদ, বিশিষ্ট কবি, শিল্পী আশুতোষ বিশ্বাস আৰু বিশিষ্ট কবি, শিক্ষক ৰেকিবুল আজাদে। স্কুলীয়া ছাত্ৰ মুহাম্মাদ ফাহিমৰ ক্বুৰআন পাঠেৰে শুভাৰম্ভ হোৱা ‘ৰমজানৰ কবিতা’ শীৰ্ষক বাৰ্ষিক কাব্যানুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে খাইৰ প্ৰকাশনৰ স্বত্বাধিকাৰী খাইৰুল ইছলামে৷ সভাত আশুতোষ বিশ্বাস, হানিফ উদ্দিন আহমেদ, উম্মীদ হাচান, এহিয়া আহমেদ, মুহাম্মাদ আফজাল আৰু খাইৰুল ইছলামে স্বৰচিত ৰমজানৰ কবিতা পাঠ কৰে৷ সভাত উপস্থিত থাকি অসম জ্ঞানৰত্ন সমন্বয় গোষ্ঠীৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট কবি, লেখক ৰেকিবুল আজাদ, বিশিষ্ট লেখক, শিক্ষক মোস্তাফা কামাল পাছা আৰু বিশিষ্ট সমাজ কৰ্মী তথা শিক্ষক জহিৰুল ইছলামে অসমীয়া কাব্য জগতলৈ খাইৰ প্ৰকাশনৰ দীৰ্ঘদিনীয়া বৰ্ণাঢ্য অৰিহণাৰ ভূয়সী প্ৰশংসা কৰে; লগতে ‘ৰমজানৰ কবিতা’ৰ দৰে ৰমজানৰ প্ৰবন্ধ সংকলন প্ৰকাশৰ বাবে পৰামৰ্শ আগবঢ়ায়। বিশিষ্ট কবি, শিল্পী আশুতোষ বিশ্বাসে মানৱতা আৰু বিশ্ব শান্তিৰ বাবে কবিয়ে সমন্বয়ৰ ভাবধাৰাৰে কাব্য চৰ্চা কৰিবলৈ সুন্দৰ মত আগবঢ়ায়। ইপিনে বিশিষ্ট কবি, লেখক বাহাৰুল উলুম চৌধুৰীয়ে সভাপতিৰ ভাষণত কবিয়ে কবিতাৰ জৰিয়তে সমাজ তথা দেশৰ প্ৰগতিৰ চিন্তা আগত ৰাখি বাস্তৱমুখী কবিতাৰ চৰ্চা কৰিবলৈ আহ্বান জনায়। সভাৰ অন্তত ‘ৰমজানৰ কবিতা’ৰ সম্পাদক মুহাম্মাদ আফজালে বিগত ২০১৩ চনৰ পৰা বছৰে বছৰে ৰমজান মাহত অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলে কবিতাৰে আগবঢ়াই অহা সক্ৰিয় সহযোগিতাৰ আন্তৰিক শলাগ লয়৷