ৰবীন্দ্ৰ ভৱনত ‘ঈশ্বৰৰ জন্ম’ মঞ্চস্থ

ৰবীন্দ্ৰ ভৱনত ‘ঈশ্বৰৰ জন্ম’ মঞ্চস্থ

ৰঙিলী বাৰ্ত্তাসেৱা- ‘অনুশীলন’ নাট্যগোষ্ঠীৰ উদ্যোগত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত দেওবাৰে পূৰ্বৰংগ নাট্যগোষ্ঠীৰ ‘ঈশ্বৰৰ জন্ম’ নাটখন মঞ্চস্থ হয়৷দীনেশ দত্ত ৰচিত আৰু নাট পৰিচালক,অভিনেতা গুণাকৰ দেৱগোস্বামী পৰিচালিত নাটখন শ্ৰীমদ্ভাৱত পুৰাণৰ কাহিনীৰ আধাৰত প্ৰস্তুত কৰি উলিওৱা হয়৷সৰ্বসাধাৰণে ঐশ্বৰিক দিশ কোনো চৰিত্ৰত আৰোপ কৰি মুক্তিৰ সোপান ৰচনা কৰা বিষয়বস্তুৰ নাটখনিত সত্ৰীয়া নৃত্য-নাট্য,ওজাপালি শৈলীৰ উপাদান ’ইম্প্ৰ’ভাইজ’ কৰি সংগীত আৰু কৰিঅ’গ্ৰাফ প্ৰয়োগ কৰিছে৷পৰিকল্পিত আঁচনিৰ যোগেদি কু শাসন ওফৰাই ’ৰাইজেই ৰজা’ বোলা ব্যক্ত ব্যৰ্থ নাটখনৰ মূল বাণী৷নাটখনত অভিজিৎ চুতীয়া,গুণাকৰ দেৱ গোস্বামী,আকাশ বর্মন, আকাশ দাস, সোনমণি শর্মা, বাণীকান্ত মেধী, জয়ন্ত কুমাৰ বৈশ্য,বৈদুর্য চাংমাই, হিমাংশু ৰাজখোৱা, ভাৰতী বৰুৱা, শিল্পা বৰা, মাধৱ তামুলী, দিম্পী দেৱী, কৃশ বৈৰাগী, দেৱজ্ঞান প্রতিম দুৱৰা,  কংকন হালৈ, প্রীতম শর্মা, ৰিশি বর্মণ,মৃদুল দিচাঙে অভিনয় কৰে৷নাটখনত নৃত্যত প্ৰাৰ্থনা দত্ত, তৃষ্ণা,মিতাশ্রী,সুদর্শনা পৰাশৰ,দিম্পী দেৱী,ভাৰতী বৰুৱা৷সংগীতত দেৱজিত দত্ত, মঞ্জিল কলিতা,অনুৰাগ,অংকিতা কলিতা,লাইটত হেমন্ত ৰাজকোঁৱৰ৷