ৰ’পৱেৰে মাজুলীৰ মূল খণ্ডৰে সংযোগ কৰক আঁহতগুৰিক
মণিকাঞ্চন সংযোগ বঁটা গ্ৰহণ কৰি চৰকাৰলৈ আহ্বান : ড০ পীতাম্বৰ দেৱ গোস্বামীৰ:
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ দুজনা গুৰুৰ মহামিলন স্থান শ্ৰীশ্ৰী ধূঁৱাহাট বেলগুৰি থান জাতিৰ মণিকূট সদৃশ। ব্ৰহ্মপুত্ৰৰ মাজৰ আঁহতগুৰিৰ সেই পূত স্থান নদীৰ খহনীয়াত পৰিলেও ২০২৩ চনত পুনৰুজ্জীৱিত কৰি ৰাইজে যি জাতীয় দায়িত্ব পালন কৰিলে তাৰ বাবে মাজুলীৰ সাহিত্য আৰু আঁহতগুৰি বাসী ধন্যবাদৰে পাত্ৰ নহয় ,প্ৰতিগৰাকী গুৰুপ্ৰেমীৰ আশীৰ্বাদৰো পাত্ৰ। এই স্থানক লৈ বিতৰ্কৰ অৱকাশ নাই,এতিয়া চৰকাৰৰ দায়িত্ব থানভাগ পূৰ্ণাংগ ৰূপ দিব লাগে আৰু মাজুলীৰ মূল খণ্ডৰে সংযোগ স্থাপন কৰিব লাগে। আমি মণিকাঞ্চন ক্ষেত্ৰৰ পৰা চৰকাৰলৈ আহ্বান জনাও মণিকাঞ্চন মিলন ক্ষেত্ৰৰ আঁহতগুৰি শিকলিচাপৰিক মাজুলীৰ দ্বাৰা ৰ’প ৱেৰেৰে সংযোগ কৰক। আজি ইয়াৰ বিশাল জনতাৰ সন্মুখত মাজুলীৰ সাহিত্য আৰু মণিকাঞ্চন মিলন ক্ষেত্ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ পৰা ” মণিকাঞ্চন সংযোগ বঁটা -২০২৬” গ্ৰহণ কৰি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে এনেদৰে আহ্বান কৰে। পৰিচালনা সমিতিৰ সভাপতি তথা আঁহতগুৰি বৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ৰূপচন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি উদ্বোধন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ নিৰোদ বৰুৱাই। সভা উদ্বোধনৰ লগতে বুৰঞ্জীবিদ ড০ শৰৎ কুমাৰ ফুকন ৰচিত “এ ব্ৰীফ এনালেটিকেল ষ্টাডী অব শ্ৰীশ্ৰী বেলগুৰি- ধূৱাহাট” গ্ৰন্থ খনিও উন্মোচন কৰি উদ্বোধক গৰাকীয়ে কয়, মণিকাঞ্চন মিলন ক্ষেত্ৰ এই আঁহতগুৰিত যে হয় ,সেই বিষয়ত প্ৰশ্নৰ কোনো অৱকাশেই নাই। বুৰঞ্জী, আৰু বিভিন্ন তথ্য পাতিয়ে দুজনা গুৰুৰ মিলন মাজুলীৰ আঁহতগুৰিত হোৱা বুলি স্পষ্ট কৰিছে আৰু আজি উন্মোচন কৰা ড০ শৰৎ ফুকনৰ গ্ৰন্থখনিয়ে তাকেই পুনৰবাৰ উপযুক্ত তথ্যসহকাৰে উল্লেখ কৰাৰ পিছত এই বিষয়ত প্ৰশ্ন থাকিব নোৱাৰে। ৰাইজে সঠিক স্থানভাগ পুনৰুজ্জীৱিত কৰি যি মহান কাৰ্য সাধন কৰিলে তাৰবাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সভাত প্ৰভাত বৰা বুঢ়াভকত,চৰাইচোং উৎসৱ উদযাপন সমিতিৰ সভাপতি দুৰ্গেশ্বৰ শইকীয়ায়েও ভাষণ দিয়ে। এই সভাতেই মাজুলীৰ সাহিত্য, মণিকাঞ্চন মিলন ক্ষেত্ৰ পৰিচালনা আৰু উন্নয়ন সমিতি আৰু ৰাস পৰিচালনা সমিতিয়ে প্ৰথমবাৰলৈ ” আঁহতগুৰি হিতৈষী বঁটা” মাজুলীৰ বিশিষ্ট ব্যক্তি দানবীৰ বাচাৰাম বৰুৱাক প্ৰদান কৰে। আউনীআটীয় সত্ৰাধিকাৰৰ পৰা এই বটা গ্ৰহণ কৰি বৰুৱাই দুজনা গুৰুৰ মিলন ক্ষেত্ৰত ৰাইজৰ পৰা পোৱা এই আশীৰ্বাদে তেওঁৰ জীৱন ধন্য কৰিলে বুলি কয়। সেই সভাতেই আন দুটা বঁটা তুলাৰাম বৰা সোঁৱৰণী সমাজবন্ধু বঁটা ডা০ অৰুণজ্যোতি হাজৰিকাক আৰু লাৱণ্য গোস্বামী সোঁৱৰণী কালিন্দী আই বঁটা অৱনী বৰঠাকুৰক প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠান পৰিচালনা কৰে মাজুলীৰ সাহিত্যৰ সভাপতি কমল দত্ত, সম্পাদক গোবিন কুমাৰ খাউণ্ড আৰু দুগ্ধ চন্দ্ৰ গোস্বামীয়ে। সভাত মাজুলীৰ পৰা দিলীপ কুমাৰ ফুকন ,ড০ আনন্দ হাজৰিকা, ৰঞ্জিত দলে,যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ সভাপতি মুনিন্দ্ৰ ভূঞা,ভৰত শইকীয়া,অমৰ কুলি,অতুল হাজৰিকা,জিন্তুমণি দুৱৰীয়া, ভৱানন্দ হাজৰিকা, বিকাশ শইকীয়া,মহানন্দ হাজৰিকা,নিপেন খাউণ্ড আদিয়ে অংশগ্ৰহণ কৰে। প্ৰকৃতিপ্ৰেমী অতুল হাজৰিকাই বহুকেইটা মূল্যবান গছপুলি উদযাপন সমিতিৰ হাতত অৰ্পণ কৰে। আজি মাজুলীৰ পৰা মিছামৰা হৈ নাৱেৰে শিকলিচাপৰিত উপস্থিত হোৱা সত্ৰাধিকাৰ, উপাচাৰ্য প্ৰভৃতি দলটিক নদীৰ পাৰৰ পৰা সমদলেৰে আগুৱাই নিয়াৰ পিছত গায়ন- বায়ন,ঢুলীয়া দল সহ বিশাল ৰাইজে আদৰি নি মণিকাঞ্চন ক্ষেত্ৰত প্ৰৱেশ কৰাই। মণিকাঞ্চন ক্ষেত্ৰত নৱ নিৰ্মিত ৰঙ্গমঞ্চত অনুষ্ঠিত ৰাজহুৱা সভাত ১ বজাৰ পৰা সভাখনি আৰম্ভ হয়। উল্লেখযোগ্য, যোৱা ২১ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা মণিকাঞ্চন প্ৰতিষ্ঠা দিৱসৰ তৃতীয় বাৰ্ষিক অনুষ্ঠানটি আঁহতগুৰি উৎসৱ ৰূপে পালন কৰা হৈছে। আঁহতগুৰিত ২৫ বছৰৰ পিছত পুনৰবাৰ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা আৰম্ভ কৰি মাজুলীৰ সাহিত্য আৰু থান পৰিচালনা সমিতিয়ে আন এটা ইতিহাসৰ সূচনা কৰিলে । কালি অনুষ্ঠিত ৰাসত দুই হাজৰোধিক দৰ্শকে প্ৰথমবাৰলৈ আঁহতগুৰিত ৰাস উপভোগ কৰি সন্তুষ্টি প্ৰকাশ কৰিছে। মাজুলীৰ বিশিষ্ট শিল্পী গুৰু উপেন ভৰালী,পাপুল শইকীয়াৰ নেতৃত্বত পৰিচালিত ৰাসৰ লগতে মাজুলীৰ মহেন্দ্ৰ বৰা আদি কেইবাগৰাকীয়ে কৰা অভিনয়ত ৰাইজ মোহিত হয়। প্ৰথমদিনা প্ৰকৃতিৰ বাধা বাবে ৰাস অভিনয় নঘটিল,সেয়ে কালিলৈহে সামৰণি পৰিব । আজিৰ সন্ধিয়াৰ ৰাসক লৈ বিয়লিৰ পৰাই ৰাইজৰ আগমনত উদ্যোগক্তাসকল ব্যস্ত হৈ পৰিছে। উল্লেখযোগ্য,নৱ নিৰ্মিত ৰাসমঞ্চৰ বাবে বহুকেইজনে সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰিছে।
