ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰোধিতা এছইউচিআইৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰঙালী বিহুৰ আগে আগে বিহুৰ আনন্দত চেঁচাপানী ঢালি ঘৰুৱা ৰন্ধন গেছৰ মূল্য ছিলিণ্ডাৰে প্ৰতি একেকোবে ৫০ টকালৈকে বৃদ্ধি কৰাৰ কেন্দ্ৰীয় বিজেপি চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাই এছ ইউ চি আই(কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক চন্দ্ৰলেখা দাসে এক বিবৃতি যোগে কয় যে, সকলো সময়তে হিন্দুৰ স্বাৰ্থ ৰক্ষাৰ কথা কোৱা বিজেপি দলে আচলতে দেশৰ ধনীক কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ বাবেই সকলো কাম কৰে যদিও জনসাধাৰণক বিভাজিত কৰাৰ বাবেহে আচলতে যে হিন্দুত্বৰ কথা কয়,ইয়ে আকৌ এবাৰ প্ৰমাণ কৰিলে। ৰাম নৱমী আৰু ৰঙালী বিহুৰ সময়তে ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰি জনসাধাৰণৰ মূৰত ৰাম টাঙোন শোধাবলৈ সেয়ে তেওঁলোকে অকণো কুণ্ঠাবোধ নকৰে। সম্প্ৰতি বিশ্বব্যাপী সৃষ্টি হোৱা বাণিজ্য যুদ্ধৰ প্ৰেক্ষাপটত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱা সত্বেও চৰকাৰে পেট্ৰোল-ডিজেলৰ আবকাৰী শুল্ক ২ শতাংশ বৃদ্ধি কৰিছে আৰু জনসাধাৰণক আভুৱা ভাঁৰিবলৈ কৈ আছে যে ইয়াৰ দ্বাৰা খুচুৰা বজাৰত মূল্য বৃদ্ধি নহয়। এই কথা সকলোৱে জানে যে,কোনো পৰোক্ষ কৰৰ বোজাই ব্যৱসায়ীসকলে নিজে বহন নকৰে, ইয়াক খুচুৰা গ্ৰাহকৰ ওপৰলৈ ঠেলি দিয়ে। দেশত চৰকাৰৰ জনবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিৰোধ আন্দোলন গঢ়ি তুলি বাধ্য কৰোৱাৰ দ্বাৰা কিছু পৰিমাণে সকাহ অনা সম্ভৱ।আমি ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত অবিলম্বে বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে চৰকাৰ এই জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিৰোধ আন্দোলনৰ গঢ়ি তোলাৰ বাবে সকলো স্তৰৰ শোষিত মেহনতী জনসাধাৰণক ঐক্যবদ্ধ ভাৱে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।