ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হ্ৰাস হ’বঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ। ধেমাজি আৰু ডিগবৈত প্ৰচাৰ অভিযান আৰম্ভ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰে। বিশাল নির্বাচনী প্ৰচাৰ সমাৱেশ দুখনত মুখ্যমন্ত্রী ড° শর্মাই কয় যে চলিত এপ্রিল মাহৰ পৰা প্ৰতিগৰাকী বিদ্যুৎ গ্ৰাহকৰ বিদ্যুৎ মাচুল প্রতি ইউনিটত ১ টকাকৈ হ্রাস কৰা হৈছে। বিদ্যুৎ গ্রাহকসকলে অহা মাহত ইয়াৰ সুফল লাভ কৰিব। মুখ্যমন্ত্রী ড° শৰ্মাই লগতে অহা অক্টোবৰ-নৱেম্বৰ মাহত পুনৰ প্ৰতি ইউনিট বিদ্যুতত এটকাকৈ মাচুল হ্রাসৰো চিন্তা কৰিছে। সেইদৰে মহিলাসকলক অনাগত দিনত বিনামূলীয়াকৈ ম’বাইল দিয়াৰো ইচ্ছা থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বিহালীত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণৰ সময়ত এগৰাকীয়ে সেই ধনেৰে ম’বাইল কিনাৰ চিন্তা কৰিছিল। মহিলা উদ্যমিতা আঁচনিৰ ধনেৰে মহিলাসকলক ম’বাইল ক্ৰয়ৰ পৰিৱৰ্তে সেই ধন সৎ কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড° শর্মাই অনাগত দিনত চৰকাৰে মহিলাসকলক বিনামূলীয়াকৈ ম’বাইল যোগান ধৰিব। অৱশ্যে এই কাম লাহে লাহে কৰিব। একেদৰে ৰেচন কার্ড থকা পৰিয়ালসমূহক অহা ১ অক্টোবৰৰ পৰা বজাৰতকৈ ৩০ টকা কম দামত চেনি আৰু দাইল আৰু ১০ টকা কম দামত নিমখ যোগান ধৰা হ’ব বুলিও উল্লেখ কৰে। তদুপৰি ৰন্ধন গেছৰ মূল্য হ্রাস কৰাৰ চিন্তা কৰি থকাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বৰ্তমান উজ্জ্বলা আঁচনিৰ একোটা গেছ চিলিণ্ডাৰৰ মূল্য ৫৫০ টকা। উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰ নথকাসকলেহে ৯৫০ টকাত চিলিণ্ডাৰ ক্ৰয় কৰি আহিছে। মহিলাসকলক সকাহ দিয়াৰ বাবে এই বছৰতে প্রতিটো চিলিণ্ডাৰৰ দাম ২০০ৰ পৰা ৩০০ টকা হ্রাস কৰাৰ চিন্তা কৰা হৈছে। আনহাতে, ৰেচন কার্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা আয়ৰ প্ৰমাণ-পত্ৰ অবিহনে কলেজত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে পূৰ্বৰ দৰে এতিয়াৰে পৰা কলেজত নামভৰ্তিৰ বাবে ছাত্র-ছাত্রীসকলে গাঁওবুঢ়া, মৌজাদাৰ বা চক্ৰ বিষয়াৰ পৰা আয়ৰ প্ৰমাণ-পত্ৰ নানিলেও হ’ব। ইয়াৰ পৰিৱর্তে ছাত্র-ছাত্রীসকলে কলেজৰ অধ্যক্ষক ৰেচন কার্ডখন দেখুৱালেই বিনামূলীয়াকৈ নামভৰ্তিৰ ব্যৱস্থা কৰি দিব। এই সম্পৰ্কত মুখ্যমন্ত্রী ড° শৰ্মাই শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডক অচিৰেই চৰকাৰী জাননী প্ৰকাশ কৰিবলৈ আহ্বান জনায়।