ৰ’দৰ চৰাই
বন্দনা শৰণীয়া
ক’ৰ পৰা জানো
সদায়…
ৰ’দৰ চৰাই এটি
উৰি আহি
মোৰ হৃদয়ত জিৰায় !
নাই নাই…
মোৰ দুখ নাই
সি যে আহি মোৰ
হেপাহৰ চোতালখনত পৰি
সুখৰ ধানমুঠি খায় !
মই খুব ধনী জানেনে
সি যে নিৰ্ভয়ে আহি
মোৰ হৃদয়ত জিৰায়
তৃপ্তিৰে সুখৰ ধানমুঠি খায়
এনেকৈয়োনো কোনে পাৰে !
নোৱাৰে নোৱাৰে
সুখৰ ধান গোটোৱাও জানো
সহজ কথা ? নোৱাৰে ।
সকলোৰে হৃদয়ত
ৰ’দৰ চৰায়ো উৰিব নোৱাৰে ।