ৰদালি
ৰাজলক্ষ্মী বৰঠাকুৰ
দেৰগাঁও
আন্ধাৰ বিনাশি
পুৱাৰ সূৰুযে
ভুমুকি মাৰিলে,
আগ চোতালৰ
দুৱৰি দৰাত
পৰি ৰোৱা
নিয়ৰ কণাত
সোণবৰণীয়া ৰ’দ জাক পৰি
মুকুতা মালা হৈ
জিলিকি উঠিছে ।
শীতেৰে সেমেকাই
ৰখা মনটো
পুৱাৰ ৰদ জাকে
ফৰকাল কৰি তুলিছে
কাঁচিয়লি ৰদত বহি
আইতাই নাতি-নাতিনীৰ লগত
সাধুকথাৰ পোহাৰ মেলিছে।