ৰ’দত দহিছে ৰাজ্য
বিশ্বজিৎ বৈশ্য
বংশৰ, শুৱালকুছি
ৰাজ্যত গ্ৰীষ্মপ্ৰবাহে যেন এইবাৰ এক চিন্তাৰ বিষয় হৈ পৰিছে ৷ বিগত প্ৰায় তিনিটা সপ্তাহ ধৰি অসমত গ্রীষ্মপ্রবাহ বৃদ্ধি হোৱা দেখা গৈছে ৷ উল্লেখ্যযোগ্য যে, ৰাজ্যখনত একপ্ৰকাৰ স্থৱিৰ হৈ পৰিছে প্রাত্যহিক জনজীৱন ৷ বাহিৰলৈ ওলালে সঙ্গি এতিয়া ছাতি, দিন কি ৰাতি মাথো গৰম। গৰমৰ বাবে শান্তি নোহোৱা হৈ পৰিছে ৰাজ্যবাসী। উষ্ণতা বৃদ্ধিৰ ফলত সকলোৰে হাহাকাৰ। পৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে, নেমুপানী, আইচক্ৰীম খাই দেহাতো শীতল কৰাৰ চেষ্টা বহুতো মানুহৰ। দেহ পুৰি নিয়া গৰমৰ ফলত ব্যাঘাত জন্মিছে স্বাভাৱিক জীৱন- যাত্ৰাত৷ বাইকত গলে হেলমেটৰ তলতে মূৰ ঘামি যোৱা দেখা যায়। খোজ কাঢ়িলেও তিতি যায় আমাৰ কাপোৰ। ঘৰৰ ভিতৰতো থাকিব নোৱাৰা অৱস্থা। আমি যেন সকলোৱে বাট চাই ৰৈ আছো এজাক ৰিবৰিব কৈ বলা বতাহৰ আশাত ৷ আৰু এতিয়া যেন ৰুদ্ৰৰূপ ধাৰণ কৰিছে সূৰ্য দেৱতাই। ৰাজ্যত এক উৎকট গৰমৰ বাতাবৰণৰ সৃষ্টি হৈছে আৰু যাৰ ফলত বহুতো লোক এতিয়া সন্মুখীন হব লগা হৈছে বিভিন্ন বেমাৰৰ।