ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্তৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন
ৰঙিলী বাৰ্ত্তাসেৱা- আৰক্ষী বিভাগক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে, য’ত গুৱাহাটীৰ পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত শ্বাহ আলম তালুকদাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ সক্ষম হৈছে। এই ঘটনাটো গুৱাহাটীৰ সাতগাঁও আৰক্ষী থানাত সংঘটিত হৈছে।বৃহস্পতিবাৰে নিশা তদন্তৰ বাবে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰক লগত লৈ সাতগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাইছিল। পাঞ্জাবাৰী বতাহঘুলি অঞ্চলত অভিযান চলোৱাৰ সময়তে চেগ বুজি জিম্মাৰ পৰা পলায়ন পৰে শ্বাহ আলম তালুকদাৰে। পলাতক শ্বাহ আলমৰ সন্ধানত সাতগাঁও আৰক্ষীয়ে নিশাৰে পৰা অভিযান অব্যাহত ৰাখিছে। কিন্তু এইপৰ্যন্ত জালত পৰা নাই অপৰাধীজন। আৰক্ষীৰ জিম্মাৰ পৰা অপৰাধীয়ে পলায়ন কৰা এই ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।