ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত ওদালগুৰি জিলা প্ৰাক্তন NDfb সংগঠনৰ উদ্যোগত বিশাল গণ সমাবেশ

ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত ওদালগুৰি জিলা প্ৰাক্তন NDfb সংগঠনৰ উদ্যোগত বিশাল গণ সমাবেশ

অমৰজিৎ ৰাভা, ওদালগুৰি,বাৰ্ত্তাসেৱা- বিটিআৰ বড়োভূমিত গঢ় লৈ উঠা সহস্ত্ৰ সংগ্ৰামী দল NDFB ৰ অজীৱন কাৰাদণ্ড প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ অপৰাধ মৰিশন কৰি কাৰামুক্তিৰ দাবীত আজি ওদালগুৰি জিলা ডাইমন খেলপঠাৰ বিশাল জনসভা আয়োজন কৰে। উল্লেখ্য যে অক্টোবৰ ২০০৮ চনৰ  বুমা বিষ্ফোৰণ মূল অভিযুক্ত ৰঞ্জন দৈমাৰী অজীৱন কাৰাদণ্ড হৈ আছিল । কিন্তু ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে নিখিল বড়ো ছাত্ৰ সংগঠনৰ তত্বাৱধনাত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰঞ্জন দৈমাৰ অপৰাধ সমূহ ৰাজনৈতিক অপৰাধ মৰ্মে অপৰাধ ক্ষমা কৰাৰ প্ৰতিশ্ৰুতিৰে সতীৰ্থ সংগ্ৰামী সহস্ত্ৰধাৰী NDFB সকলৰ দাবী পূৰণ কৰা প্ৰতিশ্ৰুতিৰে BTR চুক্তি সাক্ষৰিত কৰি মূল সতিলৈ ঘূৰাই আনিছিল। কিন্তু আজি চুক্তি সাক্ষৰিত হোৱা প্ৰায় দেৰতা বছৰ পাৰ হল তথাপি NDFB ৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ অপৰাধ ক্ষমা কৰি কাৰামুক্ত কৰা নহল ।বৰঞ্চ চৰকাৰে যি প্ৰতিশ্ৰুতিৰে সংগ্ৰামী সকলক মূল সতিলৈ ঘূৰাই আনিছিল সেয়াও সম্পূৰ্ণ নহল।যাৰ বাবে আজি NDFB সংগঠৰ উদ্যোগত বিশাল গণ সমাবেশ আয়োজন কৰি  ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী  উত্থাপন কৰাৰ পৰিলক্ষিত হয়।