ৰঞ্জন দৈমাৰীসহ ৬ কেদাৰক মুকলি কৰি দিয়াৰ আশ্বাস প্রদান কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

ৰঞ্জন দৈমাৰীসহ ৬ কেদাৰক মুকলি কৰি দিয়াৰ আশ্বাস প্রদান কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিটিআৰৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে।  ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূর্বেই এনডিএফবি নেতা ৰঞ্জন দৈমাৰীকে ধৰি সংগঠনটোৰ ৬জন কেডাৰে মুকলি আকাশৰ তল বিচাৰি পাব। নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ আগত এই প্রতিশ্রুতি প্রদান কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ চৰকাৰী বাসভৱনত হোৱা বৈঠকত বিটিচিৰ মুৰব্বীজনৰ লগতে সাংসদ জয়ন্ত বসুমতাৰী আৰু ৰণগৌৰা নাৰ্জাৰীয়েও অংশগ্রহণ কৰে। বৈঠকত উপস্থিত থাকে এবছৰ সভাপতি দীপেন বড়ো আৰু সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী। বৈঠকৰ অন্তত এবছৰ সভাপতি দীপেন বড়োৱে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, আজি কেন্দ্রীয় গৃহমন্ত্রীজনে এনডিএফবিৰ নেতা-কেডাৰসকলক মুকলি কৰি দিয়াৰ আশ্বাস প্রদান কৰিছে। ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূর্বেই ৰঞ্জন দৈমাৰীকে ধৰি আন কেডাৰসকলক মুক্তি দিয়া হ’ব। ইয়াৰ বাবে বড়োৱে কেন্দ্রীয় গৃহমন্ত্রীজনক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে এই বৈঠকত বড়ো নেতৃত্বই বিটিআৰ চুক্তিৰ ৪.৩নং দফামর্মে সংবিধানৰ ১২৫সংখ্যক সংশোধনীৰে বড়োলেও স্বায়ত্তশাসিত পৰিষদকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আন ৯খন স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰে। এই সন্দৰ্ভত এবছু সভাপতিজনৰ বক্তব্য- সংবিধানৰ ২৮০নং অনুচ্ছেদত থকা বিত্তীয় আয়োগৰ সৈতে স্বায়ত্তশাসিত পৰিষদসমূহক সংযুক্ত কৰিবলৈ কেন্দ্ৰই ২০১৯ চনত সংসদত উত্থাপন কৰা ১২৫ সংখ্যক সংবিধান সংশোধনী উক্ত বিধেয়কখন অতিশীঘ্রে অনুমোদন কৰাৰ বাবে আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ ওচৰত দাবী জনাইছোঁ। আনহাতে এই বৈঠকত বড়ো চুক্তিমর্মে বিটিআিৰত সন্নিবিষ্ট কৰিবলগীয়া চাৰি শতাধিক গাঁৱৰ বিষয়টোও আলোচনা কৰা হৈছে বুলি বড়োৱে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। একেদৰে কাৰ্বি আংলঙত থকা বড়ো কছাৰী লোকসকলৰ পাৰ্বত্য অনুসূচিত জনজাতিৰ মৰ্যাদা প্রদানৰ প্ৰসংগটোও বৈঠকত উত্থাপন কৰা হয়। তেওঁ কয় যে বড়ো চুক্তি সম্পাদিত হোৱাৰ পাঁচ বছৰ পাছতো চুক্তিখনৰ কিছুমান দফা আজিও ৰূপায়ণ হোৱা নাই। বাকী থকা দফাসমূহ ৰূপায়ণৰ বাবে প্রশাসনিক পৰ্যায়ৰ লগতে ৰাজনৈতিক পৰ্যায়ত সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজন আছে। তাৰ বাবেই আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ সৈতে আলোচনা কৰিছোঁ। বড়োৱে লগতে স্পষ্ট কৰি দিয়ে যে আমি বিটিচি নির্বাচন পূর্বে নহয় ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেহে চুক্তিৰ সকলোবোৰ দফা ৰূপায়ণ হোৱাটো বিচাৰিছোঁ তথা সেই সন্দর্ভত কেন্দ্রীয় গৃহমন্ত্রীজনক অনুৰোধ জনাইছোঁ।