ৰজা বিহীন দেশত কেনেকৈ লিখোঁ শৰতৰ কবিতা
ইভা গন্ধীয়া ফুকন
ৰজা বিহীন দেশত প্ৰজাৰ হাহাকাৰ
কোনো ঋতুৰ পৰশ পৰা নাই গাত
আহিনৰ স্নিগ্ধ জোনাকতো নাই
জোনাকৰ মাদকতা
জোনাকী পৰুৱাইও পোহৰাব পৰা নাই এন্ধাৰৰ বাট
লিখিব পৰা নাই শৰতৰ কবিতা
পদুলিৰ শেৱালি বকুলেও
মন ভৰাব পৰা নাই
চাৰিও ফালে শূণ্যতা উৎকণ্ঠা
মায়াবিনী ৰাতিৰ বুকুত বেদনাৰ কল্লোল
চকুত চকুপানী বুকুত আশা
যি ধুমুহাই জাতিক জগাই
ৰজা ঘৰৰ ভেটি কঁপাই
সেই ধুমুহা আজি নোহোৱা হ’ল
হেঁপাহবোৰো আবেশ সানি
শূণ্যতাত বিলীন হৈ যায়
কেনেকৈ লিখোঁ শৰতৰ কবিতা
জীবিত কালত জননায়কৰ খবৰ যে নাৰাখিলো
ভগ্ন স্বাস্থ্যৰে মঞ্চত যেতিয়া
নিজৰে গীতৰ সুৰ
টানিব নোৱাৰিছিল
তেতিয়াও আমি সমালোচনাহে কৰিলোঁ
যি দৃষ্টান্ত আজি অসমৰ জনতাই দেখুৱাইছে
জুবিনৰ আদৰ্শৰে উজ্জীৱিত হৈ
সেয়া ৰূপান্তৰ হওক
তেতিয়া লিখিম আকৌ শৰতৰ কবিতা
আৰম্ভ কৰিব লাগিব
জুবিনৰ আদৰ্শৰে
যিমানখিনি আমাক দি গ’ল
সেইখিনিৰ মান ৰাখোঁ যেন সদায় ।
