ৰজাৰ ঢোল-নৱযানী বৰুৱা শইকীয়া

PC - Foliage Friend

ৰজাৰ ঢোল

সেই যে সাধু কথাত পোৱা ৰজাৰ ঢোলটো, অপৰাধী সকলক এচাপৰ বজাবলৈ আদেশ দিছিল ৰজাই, ৰাইজৰ মনত আছে নে বাৰু ? গোচৰিয়া জনেও ৰজাৰ আদেশত এচাপৰ বজাই নিজৰ শাস্তি নিজে লৈছিল যে, অ’ সেই কদু বাঁহটোৰ কথাই মনত পৰিল আজি। ঢোলত চাপৰ দিয়াৰ লগে লগেই গোটেই কদুসোপা বাঁহৰ পৰা ওলাই বুজোৱা জনকে বাৰুকৈয়ে বজাই পেলাই। গাল মুখ ফুলি ভুম্বাকাৰ বপুৰা ক’ত মৰ মৰ। তেনেকৈ প্ৰতিজন গোচৰীয়াই যেতিয়াই ৰজাৰ আদেশ পৰে , তেতিয়াই এচাপৰ বজাই যায়। গোচৰীয়াই বিষৰ কোবত কি দোষ কৰিছিল পাহৰি যায়। আজিকালি আৰু এটা তেনেকুৱা ৰজাৰ ঢোল ওলাল। ৰাইজে গম গতি পাইছে নে নাই বুলিয়েই আহিলোঁ।
-বোলো ৰাইজক খবৰটো দিওঁ।
-ৰজাই হুকুম দিছে এদিম চেদিম বাই
-মানুহ অলপ বিচাৰিছে এদিম চেদিম বাই
-কি মানুহ বিচাৰিছে এদিম চেদিম বাই
-ব্লা ব্লা ব্লা
আৰে বাবা, জীৱিত মানুহেই বিচাৰিছে। ইমান মন দি পঢ়িব নালাগে দক।
এতিয়া ৰজাই কয় কাম লাগে কাম লাগে । ৰাতি দিন এক কৰি টাৰ্গেট পূৰাব লাগে । কাম কোনে কৰিব ? মানুহ নাই ? অমুক ছুটিত, তমুকক তুমুকত লগাই থোৱা আছে, তমুক দিপাৰ্টমেণ্টত নিজৰেই এইখিনি পেণ্ডিঙ ইত্যাদি ইত্যাদি পিছত মানুহ বিচাৰি পালে , সেই যে আঁৰি থোৱা ৰজাৰ ঢোল, সেইটো। গতিকে ৰজাৰ আদেশ বজাই যোৱা। ঢং —
আয়ুষ্মান কাৰ্ড বনোৱা শেষ কৰিব পৰা নাই ? ৰাজ সভাত বিচাৰ বহিল। পালি পৰিষদে পৰামৰ্শ দিলে ৰজাৰ ঢোলত এচাপৰ বজাই দিলেই হ’ব। আয়ুষ্মান কাৰ্ড টাৰ্গেট ফুলফিল।
টেবুলৰ তলেৰে জলপান গ্ৰহণ কৰি পেটুৱা হোৱা চাহাবে যেতিয়াই মন তেতিয়াই বজাব পৰাকৈ ৰজাৰ ঢোল ফিক্স কৰি আঁৰি দিলে। বোলে আমি পঢ়া শুনা চাম ,
বাকীবোৰ কৰিবলৈ ৰজাৰ ঢোলত এচাপৰ বাম ।
কথামতেই এইবাৰ আহিল অৰুনোদই নামৰ ভনী জনী। আকৌ ৰাজসভাত বিচাৰ বহিল। অৰুনোদই ভনীক সুধিলে,
– আই অ’ অৰুণী, কাৰ হাতৰ পৰশত ফুলিবি ?
তাইও মিচিকিয়া হাঁহি মাৰি ক’লে , বোলে দহে ভাল দেখে যাক, ভেটিও নালাগে তাক।
কথা মতেই আকৌ ঢোলত চাপৰ পৰিল। জকজকাই কদুবাঁহ ওলাই আহি ফিল্ডত অন দা স্পষ্ট এটেক আৰম্ভ কৰি মুহূৰ্ততে সকলো শেষ কৰি দিলে।
কাৰোবাৰ ঘৰলৈ ন বোৱাৰী আহিছে নেকি ?
কাৰোবাৰ ঘৰৰ লৰা ছোৱালীৰ ওঁঠৰ বছৰ সম্পূৰ্ণ হ’ল নেকি ?
কোনোবা পৰিয়াল নতুনকৈ ঘৰ সাজি বাস কৰিছে নেকি ?
অ অ ৰজাৰ ঢোলত একোবকৈ মাৰি যোৱা । তোমালোকে ৰাজ্যৰ নাগৰিকৰ স্বীকৃতি পায় যাবা।
হৰিৰ ঘৈণীয়েকৰ কেঁচুৱা জন্ম হ’ল। ছয়বছৰলৈ ৰজাৰ ঢোল বাজি থাকিব,,,আৰে ভাই আনন্দত আকৌ !
কেঁচুৱা পঁয়া লাগিছে ? ৰজাৰ ঢোল।
গৰ্ভৱতী হৈছে ? ৰজাৰ ঢোল।
ৰক্তহীনতাত ভুগিছে ? ৰজাৰ ঢোল।
কিশোৰী পলাই বিয়া হ’ল ? ৰজাৰ ঢোল।
কম ওজন ? ৰজাৰ ঢোল।
জনসংখ্যা বৃদ্ধি ? ৰজাৰ ঢোল।
খিচিৰি পোৱা নাই ? চাউল মটৰ অহা নাই ? ওজন কৰা নাই ? আইৰণ টেবলেট, পেলুদৰব, ভিটামিন এ ,,,,,,,ৰজাৰ ঢোল।
মুঠতে চাৰিওফালে ৰজাৰ ঢোল বজাই যাওক ৰাইজ বজাই যাওক। এতিয়া খেতিয়কে খেতি কৰিবলৈও ৰজাৰ ঢোল কোবাই উৎসাহ দিবলৈ, সজাগ কৰিব লগা পৰিস্থিতি আহিল। তাকো নাম এটা দি দিলে মিলেট বৰ্ষ । কোব কত পৰিল ? ৰজাৰ ঢোলত। এতিয়া আপোনালোকে বাৰু অনুমান কৰিব পাৰিছে নে এই ৰজাৰ ঢোল বৰ্তমান কত পোৱা যায় ? হয় হয় ঠিকেই ধৰিছে আপোনাৰ গাঁওৰ, আপোনাৰ ঘৰৰ ওচৰৰ অংগনৱাদি কেন্দ্ৰত।

( প্ৰতি গৰাকী অংগনৱাদি কৰ্মীলৈ শ্ৰদ্ধা জনায় এই ৰজাৰ ঢোল তেওঁলোকৰ উদ্দেশ্যে )

নৱযানী বৰুৱা শইকীয়া, ডিগবৈ