চুটিগল্প……
ৰজাঘৰ
মুন শৰ্মা,লখিমপুৰ
বাৰিষা বতৰ অহৰহ বৰষুণ এদিন দুদিন কৈ এসপ্তাহ ধাৰাষাৰ বৰষুণ। সিফালে কাষৰ অৰুণাচল পাহাৰত যোৱা এমাহ ধৰি বৰষুণ।
সোৱণশিৰি নদী খন অৰুণাচলৰ মাজেৰে বৈ অহা গতিকে ভয়টো লাগিবই অঞ্চলটোৰ মানুহ খিনিৰ। খৰালি যি দৰে অনুপম এই অঞ্চল, বাৰিষা সমানেই ভয়াবহ এই অঞ্চল । বুঢ়া সকলে কয়,পঞ্চাশৰ পাছৰ পৰা এই অঞ্চল হৈ পৰিছিল বাৰিষা এটি কালহৈ। ঐ ৰত্ন কি হ’ব পিছে। নকবি আৰু, এইবাৰো আকৌ একেই অৱস্থা, আগৰ দৰেই লাহেকৈ টোপোলা বোৰ বান্ধি থ ,আমাৰ কপাল বাৰিষাত ভগনীয়া লিখা আছে নহয়।
হয় দে, কোন দিনা হ’ব জানো পায় এইবোৰ অন্ত কিমান কি হেৰাল গল তাৰো ঠিকনা নাই বানপানী বাদে ও খহনীয়া আছেই নহয়। ৰুদ্ৰ, ফটিক হ’তৰ অন্ত কৰিলেই আৰু কাৰ কিমান শেষ কৰিলে ঠিকনা নাই। খৰালি ৰজাঘৰৰ আহে,পিছে বাৰিষা কৰোঁ আহৰি নাই। বানপানী যোৱা পাছত দুটামান চাউল, দাইল দিয়েই তেওঁলোকৰ কাম শেষ। মথাউৰিটো ঠিক কৰি দিম খহনীয়া কমি যাব বহুত কলে এদিন দুদিন নহয় বহুবাৰ।আমি তাকে আশা কৰি অহা দিনা আদৰ-সাদৰ কৰি বিদায় দিও হাত চাপৰি দুটামান দি। পিছে সেয়া প্ৰতি বাৰেই প্ৰতিশ্ৰুতি হৈ ৰয়। যোৱা বাৰ নিৰ্বাচনৰ সময়ত নেতা বোৰ আহিছিল এটা দলে আন এটা দলক গালি পাৰি কৈ গ’ল সিহঁতৰ কাম নাই আমি কৰি দিম আপোনালোকৰ কাম পিছে সেয়া দেখোন ফুটোকাফেন। কমিব কমিব কিন্তু প্ৰতি বাৰে দেখোন বাঢ়িহে যায়।
অহ হয় দে , কি কৰিবি এইয়াই হৈ আছে কি কৰিবি দুটোপাল ঘৰীয়ালৰ চকুলো টুকা মানুহে কি বুজিব অসহায় মানুহৰ কৰুণ চকুলোঁৰ মূল্য। কথা পাতি থাকোঁতে সন্ধ্যা লাগিল হব দে মই যাওঁ তই ও যা ৰাতি অলপ সজাগ থাকিবি লগতে ঘৰৰ মানুহক থাকিব কবি মই শুনিছোঁ আজি গেট খুলিব বোলে।
অ হয় মইও শুনিব পাইছোঁ বাৰু যা বাৰু এতিয়া। তিনিআলিটো এৰিছিলহে মাত্ৰ শুনিব পালে অ’ ৰাইজ মথাউৰি গল অ, ৰাইজ মথাউৰি গ’ল। পানী এৰিলে পানী এৰিলে। লগে লগে দুইটা দৌৰ নিজৰ ঘৰলৈ বুলি পিছে ৰত্ন ঘৰ গৈ নাপালে পানী সুতে তাৰ ঘৰ উঠাই লৈ গুচি গল। লগে লগে চিঞৰ মা অ দেউতা, ঐ ভনী। লগতে সৰ্ব দেহত ভয় শংকা বিৰাজমান ।