ৰজত ভৰালীলৈ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা

বার্তাসেৱা —  মাননীয় ৰজত ভৰালীলৈ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা…..

সত্ৰ নগৰী ৰামদিয়া,হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত এখনি ঐতিহ্য মণ্ডিত গাওঁ ।এই গাওঁৰে বঙালটোলাৰ সুসন্তান তথা হাজো  বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় ৰজত চন্দ্ৰ ভৰালী দেৱ 2021 বৰ্ষৰ বাবে অসম চৰকাৰে নিৰ্বাচন কৰা মুঠ 18 জন ৰাজ্যিক কৃতি শিক্ষকৰ ভিতৰত স্থান দখল কৰি ৰামদিয়াৰ লগতে হাজো অঞ্চলৰ শিক্ষানুৰাগীৰ মাজত আনন্দৰ জোৱাৰ তুলিছে। সন্মানীয় ভৰালী দেৱ এজন সুদক্ষ শিক্ষকৰ উপৰিও এজন সুলেখক ।তেখেতৰ বিভিন্ন লিখনিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।নিজৰ পিতৃ মাতৃৰ নামেৰে, এক মাত্ৰ নিজৰ প্ৰচেষ্টাৰে এটি পুথিভঁৰাল স্থাপন কৰি গ্ৰন্থ বিপ্লৱৰ সূচনা কৰিছে।
অহা 5 চেপ্তেম্বৰত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এক বিশেষ অনুষ্ঠানত বঁটা প্ৰাপক সকলো শিক্ষকৰ লগতে মাননীয় ৰজত ভৰালী দেৱক ও সন্মানিত কৰিব বুলি জনা গৈছে ।