ৰঙৰ উৎসৱ ফাকুৱা – এছ ইছলাম

ৰঙৰ উৎসৱ ফাকুৱা

এছ ইছলাম,শিক্ষক
পঃ মইনবৰী,বৰপেটা

ফাগুনৰ পূৰ্ণিমা নিশাত
লক্ষ্মী আয়ে পিন্ধিছে নুপূৰ
হৃদয়ৰ মণিকোঠাত
উথলি উঠিছে যৌৱন জোৱাৰ।
মহাপ্ৰভু শ্ৰীকৃষ্ণৰ আগমন
উগুল-থুগুল লাগিছে মনত
এৰিব ঘুনুচা দেৱীৰ বাৰী
সেয়ে দুয়োৰে মাজত অৰিয়া-অৰি।
ঘুনুচা দেৱীয়ে নেৰে বাট
তাতেই লাগিল সংঘাত
দেৱদূত বিলাকে আবিৰ
বৰষিলে মহাপ্ৰভুৰ গাত।
ভকতৰ ঢোলৰ শব্দৰ ছেৱেছেৱে
নাচি নাচি গাব ধৰিলে
জাউত জাউত কৰি স্বৰ্গীয় গান
ৰাখিলে মহাপ্ৰভুৰ সন্মান।
মাৰিলে কুঙ্কুম ফিছ্ কাৰি
আবিৰ আৰু ফাকুৰ গুৰি
আকাশ পাতাল ৰাঙলী হ’ল
মনৰ বিষাদ বোৰ দূৰীভুত হ’ল।
ভকতবিলাকে স্তুতি গীত গালে
তাৰে পৰাই ফাকুৱা নাম পালে।