ৰঙৰ উৎসৱ ফাকুৱাৰ প্ৰাকক্ষণত মাজুলী মহাবিদ্যালয়ত পৰিৱেশ উপযোগী ফাকুগুড়ি প্ৰস্তুতকৰণ সম্পৰ্কীয় বিশেষ কৰ্মশালা

ৰঙৰ উৎসৱ ফাকুৱাৰ প্ৰাকক্ষণত মাজুলী মহাবিদ্যালয়ত পৰিৱেশ উপযোগী ফাকুগুড়ি প্ৰস্তুতকৰণ সম্পৰ্কীয় বিশেষ কৰ্মশালা ;

প্ৰাকৃতিক ৰঙৰ পৰা আহৰণ কৰা ফাকুৰে উৎসৱ ৰঙিয়াল কৰিবলৈ আহ্বান অধ‍্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ 

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ অন‍্যান‍্য ঠাইৰ লগতে সত্ৰপীঠ মাজুলীতো আজিৰে পৰা উদযাপিত হৈছে ৰং-আনন্দৰ উৎসৱ হলী বা ফল্গুৎসৱ। চামগুৰি, বেঙেনাআটী, গড়মূৰ, দক্ষিণপাট আদি সত্ৰানুষ্ঠানত পৰম্পৰাগতভাৱে দুইৰ পৰা চাৰিদিন পৰ্যন্ত আয়োজিত ফল্গুৎসৱে ৰঙীয়াল কৰি তুলিব খোজা এই পৰিৱেশৰ মাজতে মাজুলী মহাবিদ‍্যালয়ত আজি শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত হয় প্ৰাকৃতিক ৰঙেৰে ফাকুগুড়ি প্ৰস্তুতকৰণ সম্পৰ্কীয় এক বিশেষ কৰ্মশালা। ‘অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ বিভাগ’ৰ উদ্যোগত মহাবিদ্যালয়ৰ ইক’ক্লাৱৰ সহযোগত পৰিৱেশ উপযোগী ফল্গু প্ৰস্তুতকৰণ সম্পৰ্কীয় এই বিশেষ কৰ্মশালাখনিত অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি প্ৰাকৃতিক ৰঙেৰে ফাকুগুড়ি তৈয়াৰ কৰাৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। দুপৰীয়া ১২ বজাৰ পৰা মহাবিদ‍্যালয়ৰ ‘দ্ৰোণকান্ত ভাগৱতী কক্ষ’ত আয়োজিত কৰ্মশালাৰ আৰম্ভণিতে ইক’ক্লাৱৰ সহঃসমন্বয়ক ডঃ বিশাল ভূঞাই সকলোকে আদৰণি জনায়।

ইক’ক্লাৱৰ সমন্বয়ক ডঃ মহঃ আমিনুল ইছলামে বিশিষ্ট ব‍্যক্তিসকলক অংগবস্ত্ৰৰে সম্ভাষণ জনায়। মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ইন্দিৰা বৰাই আঁত ধৰা কৰ্মশালাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই সাঁচিপতীয়া পুথিত প্ৰাকৃতিকভাৱে ব্যৱহৃত ‘মহী’ৰ প্ৰসংগৰে পৰিৱেশ উপযোগী ৰঙৰ উৎসসমূহে কিদৰে প্ৰকৃতিৰ লগতে আমাকো সুৰক্ষিত কৰি ৰাখিব তাৰ এক আলোকপাত কৰে। ডঃ শইকীয়াই কয়, “প্ৰাকৃতিক ৰঙৰ পৰা আহৰণ কৰা ফাকুৰে উৎসৱৰ সময়খিনি ৰঙিয়াল কৰাৰ লগতে আমি আৰ্থিকভাৱে স্বাৱলম্বী হৈ জীৱনটোকো ৰঙীয়ান কৰি তুলিব পাৰোঁ।” তেওঁ লগতে এনে কৰ্মশালা আয়োজনেৰে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ বিষয়ত সজাগতা প্ৰদান কৰাৰ বাবে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ বিভাগৰ সঞ্চালক ডঃ জয়দীপ বৰুৱা প্ৰমুখ্যে সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে। কৰ্মশালাত সমল ব্যক্তি ৰূপে উপস্থিত থাকি এছটেকৰ সদস্য তথা সক্ৰিয় পৰিৱেশকৰ্মী গগন বেজবৰুৱাই সৰু সৰু পদক্ষেপৰ জৰিয়তে কিদৰে পৰিৱেশক সুৰক্ষা কৰিব পৰা যায় সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে।

ইয়াৰ পিছতেই প্ৰাকৃতিকভাৱে তৈয়াৰী ফাকুৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰি তেওঁ পলাশ, হালধি, বীট, পুৰৈশাকৰ গুটি আদিৰে কিদৰে সহজতে পৰিৱেশ উপযোগী ফাকুগুড়ি তৈয়াৰ কৰিব পাৰি সেই বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীসকলে প্ৰশিক্ষণৰ জৰিয়তে বিভিন্ন প্ৰাকৃতিক উৎসৰ পৰা ফাকুগুড়ি তৈয়াৰ কৰি উৎসাহিত হৈ পৰে। কৰ্মশালাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, অভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক বসন্ত বৰা, অসম কলেজ শিক্ষক সংস্থা, মাজুলী মণ্ডলৰ সম্পাদক ডঃ দেৱজ‍্যোতি ভট্টাচাৰ্য, প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ‍্যাপিকা ডঃ পল্লৱী দুৱৰা প্ৰমুখ‍্যে ব‍্যক্তিসকলে প্ৰাকৃতিক ৰঙৰ প্ৰয়োজনীয়তা সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। কৰ্মশালাৰ অন্তত সকলোকে ধন্যবাদ জ্ঞাপন কৰে ইক’ক্লাৱৰ সমন্বয়ক ডঃ মহঃ আমিনুল ইছলামে।