ৰঙিয়া বিধানসভা সমষ্টিৰ গোপালপুৰ-লাচি বিষ্ণুপুৰ সংযোগী পথৰ বৰলীয়া নৈৰ ওপৰত নিৰ্মাণকাৰ্য চলি থকা এখন পকী দলং পৰিদৰ্শন ভবেশ কলিতা ডাঙৰীয়াৰ

pc Facebook

ৰঙিয়া বিধানসভা সমষ্টিৰ গোপালপুৰ-লাচি বিষ্ণুপুৰ সংযোগী পথৰ বৰলীয়া নৈৰ ওপৰত নিৰ্মাণকাৰ্য চলি থকা এখন পকী দলং পৰিদৰ্শন ভবেশ কলিতা ডাঙৰীয়াৰ

অনলাইন বাৰ্ত্তাসেৱা – ৰঙিয়া বিধানসভা সমষ্টিৰ জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত গোপালপুৰ-লাচি বিষ্ণুপুৰ সংযোগী পথৰ বৰলীয়া নৈৰ ওপৰত নিৰ্মাণকাৰ্য চলি থকা পকী দলংখন পৰিদৰ্শন কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা ডাঙৰীয়াই। তেওঁ ৰাইজক লগতে ইয়াকো দলংখনৰ নির্মাণকাৰ্য ক্ষীপ্ৰ গতিত চলি আছে বুলি জানিবলৈ দিয়ে। এই দলংখনৰ দ্বাৰা নৈখনৰ দুয়োপাৰৰ অঞ্চলৰ ৰাইজৰ মাজত যোগাযোগ ব্যৱস্থা নিশ্চিতভাৱে সুচল কৰি তুলিব বুলি কয় তেওঁ।