ৰঙিয়াৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী চিত্ৰধৰ ডেকাৰ দেহৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- ৰঙিয়া টাউন ৪ নং ৱাৰ্ডৰ নিবাসী বিশিষ্ট ব্যৱসায়ী তথা বিশিষ্ঠ সমাজকৰ্মী চিত্ৰধৰ ডেকাৰ আজি বাৰ্ধক্যজনিত কাৰণত নিজ বাসভৱনত দেহৱসান ঘটে ।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৮ বছৰ। কিছুদিন ধৰি ৰোগত আক্ৰান্ত হোৱা প্ৰয়াত ডেকাই ৰঙিয়াৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত অন্তিম মূহুৰ্তলৈকে ওতঃপ্ৰোতভাৱে জড়িত আছিল ।অত্যন্ত সহজ সৰল তথা অমায়িক স্বভাৱৰ সৰ্বজন শ্ৰদ্ধেয় ডেকাৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে ।মৃত্যুৰ বাতৰি বিয়পাৰ লগে লগে ডেকাৰ বাসভৱনত উপস্থিত হৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰয়াত ডেকাই মৃত্যুৰ সময়ত পত্নীৰ উপৰিও এগৰাকী পুত্ৰ-বোৱাৰী আৰু জীয়ৰী ইহ সংসাৰত এৰি থৈ যায়। কাইলৈ প্ৰয়াত ডেকাৰ অন্তেষ্টিক্ৰিয়া জন্মস্থান ৰঙিয়াৰ সমীপৱৰ্তী হাহাৰা গাঁৱত সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।