ৰঙিয়াত স্কুল বাছ আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তি চকত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুখন বাছৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই পথ দুৰ্ঘটনা সংঘটিত হয়।ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তি চকত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন দ্ৰুতবেগী যাত্ৰীবাহী বাছে চাৰ্ছ পাব্লিক স্কুলৰ বাছত খুন্দিয়াই। জানিব পৰা মতে, পুৱ দিশৰ পৰা স্কুল বাছখনে ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লয়। সেই মুহূৰ্ততে বৰপেটা অভিমুখী যাত্ৰীবাহী বাছখনে প্ৰচণ্ড জোৰেৰে স্কুল বাছখনক খুন্দা মাৰে। এই দুৰ্ঘটনাৰ ফলত স্কুলবাছখন তিনিবাৰকৈ লুটি-বাগৰ খাই বিদ্যুতৰ খুঁটাত পৰি ৰৈ যায়।ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে স্কুল বাছখনৰ চালক, হেণ্ডিমেন সহ যাত্ৰীবাহী বাছখনৰ ২০ গৰাকী লোক। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত লোকসকলক চৰকাৰী চিকিৎসালয়ত আৰু দুজনক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।