ৰঙিয়াত মুখ্যমন্ত্ৰীৰ শিলান্যাস আৰু শুভ উদ্বোধন
ৰঙিলী বাৰ্ত্তাসেৱা- ৰঙিয়াত অলপতে এদিনীয়া ভ্ৰমণসূচীলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। তেওঁ ” ৰঙিয়াৰ বিকাশৰ বাবে এদিন” শীৰ্ষক কাৰ্যসূচীৰ অধীনত প্ৰায় ৫০৪.৭৯ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভ উদ্বোধন কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাতিপুৱাই ৰঙিয়াত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাতিপুৱা ১০.৪৫ বজাত ৰঙিয়াত উপস্থিত হৈ প্ৰথমতে মুৰাৰাৰ চাৰিলেন যুক্ত পথৰ উদ্ধোধন কৰে। ইয়াৰ পিছত তেওঁ ক্ৰমে ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ আই চি ইউ বিচনা আৰু ৰঙিয়া মহাবিদ্যালয়ৰ স্নাতকোত্তৰ ভৱন উদ্বোধন কৰে। অৱশেষত ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত এক বিশাল জনসভা সম্বোধন কৰাৰ উপৰিও তেওঁ ভাৰ্চুৱেল ৰঙিয়া মহকুমাৰ প্ৰস্তাৱিত সংহত মহকুমাধিপতি কাৰ্যালয়, তৰণীৰ আৰিমত্ত ক্ৰীড়াংগনৰ ফুটবল খেলপথাৰ, গেলাৰী আৰু আভ্যন্তৰীণ ক্ৰীড়াংগন নিৰ্মাণ, উত্তৰ-পূব ক্ষেত্রৰ প্ৰধানমন্ত্ৰী বিকাশ যোজনাৰ স্কুলক উৎকৃষ্ট কেন্দ্রলৈ পৰিৱৰ্তন আচঁনিৰ অধীনত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নীতকৰণ, ৰঙিয়াত ছয়শ আসনযুক্ত কেন্দ্রীয় বাতানুকূল শ্ৰীমন্ত শংকৰদেৱ সভাগৃহ নিৰ্মাণ, মুখ্যমন্ত্রীৰ উন্নত পকীপথ নিৰ্মাণ আচঁনিৰ অধীনত ৩১নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিৰ পৰা গৰিয়াকোঠ হৈ দ্বাৰকুছিলৈ পথৰ উন্নীতকৰণ, মুখ্যমন্ত্রীৰ উন্নক পকীপথ নিৰ্মাণ আচঁনিৰ অধীনত চেপ্তি-কুলহাটী পথৰ উন্নীতকৰণ, অসম মালাৰ অধীনত ৰঙিয়া – কাউৰবাহাৰ পৰা নাগ্ৰীজুলিলৈ পকীপথৰ উন্নীতকৰণ, বালাবাৰীত পুঠিমাৰী মথাউৰিৰ পুনঃপ্ৰতিষ্ঠা আৰু মেৰামতি, পুঠিমাৰী আৰ/বি মথাউৰিৰ পুনঃপ্ৰতিষ্ঠা আৰু বগৰীবাৰী আৰু ঢোলকুছি আৰ/এছ মথাউৰি মেৰামতি শুক্লাই এল/বি মথাউৰি আৰু নাথকুছি (বুনবাৰী) আৰ/এছ মথাউৰিৰ মেৰামতি, এছ ডি আৰ এফ ৰ অধীনত নাথকুছি (খৈৰাবাৰী)ত শুক্লাই নৈৰ আৰ/বি বান্ধৰ মেৰামতিৰ বাবে তাৎক্ষণিক পদক্ষেপ, এছ ডি আৰ এফৰ অধীনত টেঙাঝাৰত শুক্লাই নদীৰ এল/বি পঞ্চায়ত বান্ধৰ মেৰামতিৰ বাবে তাৎক্ষণিক পদক্ষেপ, বাইহাটা চাৰিআলি-গোৰেশ্বৰ পথৰ উন্নীতকৰণ, ৰঙিয়া এছ কে -১২ ৰে’লগে’টত উৰণ সেতু ৫০:৫০ শতাংশ ব্যয় অংশীদাৰিত্বৰ অধীনত নিৰ্মাণ, ৰঙিয়া এছ কে-১৪ ৰে’লগে’টত উৰণ সেতু ৫০:৫০ শতাংশ ব্যয় অংশীদাৰিত্বৰ অধীনত নিৰ্মাণৰ শিলান্যাস কৰে । আনহাতে এছ ও পি ডি ২০১৯-২০ৰ অধীনত ৩১নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰলীয়ানৈ লৈ পুৰণি এন টি ৰ’ডৰ চাৰিলেন পৰ্যন্ত উন্নীতকৰণ, ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ আই চি ইউ প্ৰৱৰ্তন, অসম চৰকাৰৰ উত্তৰণ আচঁনিৰ অধীনত ৰঙিয়া মহাবিদ্যালয়ক স্নাতকোত্তৰ মহাবিদ্যালয়লৈ উন্নীতকৰণ, জয়ন্তীপুৰৰ পৰা কুমটীবাৰী বাথান পথলৈ ৰাস্তা আৰু মথাউৰি মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ আচঁনিৰ অধীনত গৰিয়াকোঠ লক্ষ্মী মন্দিৰ পথত পকী দলং (নং ২/১) নিৰ্মাণ, মহাবীৰ লাচিত সেতু নিৰ্মাণ আচঁনিৰ অধীনত লাচি বিষ্ণুপুৰ গোপালপুৰ বাথান পথৰ পকী দলং (নং ১/১), অসম চৰকাৰৰ উত্তৰণ আচঁনিৰ অধীনত উদিয়ানা বালিসত্ৰ পথৰ উন্নীতকৰণ, ৰঙিয়া চহৰত চি চি কেমেৰা সংযোগৰ শুভ উদ্বোধন কৰে। ৰঙিয়াত বিকাশৰ বাবে এদিনত কাৰ্যসূচীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা সৈতে উপস্থিত থাকে কামৰূপ জিলাৰ অভিভাৱক মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা,স্হানীয় বিধায়ক তথা হাইছফেডৰ অধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া,ভুবনেশ্বৰ কলিতা, পবিত্ৰ মাৰ্ঘেৰিটা, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, হাজো বিধানসভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া সহ বিশিষ্ঠ ব্যক্তিসকল উপস্থিত থাকে। ভাষন প্ৰসংগত মুখ্যমন্ত্রী ডঃ শৰ্মাই কয় যে বৰ্তমান সময়ত সমগ্ৰ অসমতে উন্নয়নৰ জোৱাৰ উঠিছে। বিশেষকৈ অসমৰ প্ৰতিটো প্ৰান্তত বিশ্ব বিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় স্থাপন হৈ থকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অনাগত দিনত মাত্ৰ ২৫ /৩০ মিনিটত ৰঙিয়াৰ পৰা গুৱাহাটীলৈ যাব পৰা হব। তেওঁ ৰঙিয়াৰ উন্নয়নৰ এক তালিকা দাঙি ধৰে। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ১০ কৌটি টকা ব্যয়েৰে আদৰ্শ বিদ্যালয়লৈ উন্নীতকৰণৰ কথা উল্লেখ কৰি পৰৱৰ্তী সময়ত অসমৰ সকলো সমষ্টিত একোখনকৈ আদৰ্শ বিদ্যালয় স্থাপনৰ কথা ঘোষনা কৰে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱসটো ছাত্ৰ দিৱস হিচাপে পালনৰ কথা ঘোষণা কৰি মুখ্যমন্ত্রী ডঃ শৰ্মাই সেইদিনা যুৱ ছাত্ৰ ছাত্ৰী সকলৰ বাবে কেবাটাও আঁচনি ঘোষণ কৰিব বুলি কয়।
