ৰঙিলী বাৰ্তা -নিতিষ্মান দাস

ৰঙিলী বাৰ্তা

ৰঙিলী বাৰ্তা মানেনো কি?

নিশ্চয় সেইটো!

যিটোৱে অনেক প্ৰতিভাৰ দিয়ে চিনাকি।

ভাবিছিলোঁ কেনেকৈ কৰিম মোৰ পদ্যৰ প্ৰদৰ্শন,

প্ৰদৰ্শন কৰিবৰ বাবে লাগিব পাৰে বহু ধন।

মোৰ পদ্যৰ কিছু শব্দ হেমকোষত পালোঁ,

শব্দ বিচাৰি বিচাৰি ছন্দ মিলাবলে চালোঁ।

হঠাৎ ৰঙিলী বাৰ্তা আছে বুলি শুনিলোঁ,

এই সুযোগতো মই বন্দিতা বাইদেউৰ পৰা জানিলো।

বহু লোকৰ বহু ৰচনাৰ এই বাৰ্তায়ে দিলে চিনাকি,

বহু লোকৰ ৰচনাৰ উঠিল জিলিকণি।

ৰঙিলী বাৰ্তা এনে এপাহ সুবাসীত ফুল,

যি বুজাই সাহিত্যৰ মূল।

ৰঙিলী বাৰ্তা এনে এখন চিলা,

যিয়ে দেখুৱাই সকলোকে প্ৰকাশ হেঙুলীয়া।

উদীপ্ত ছাৰৰ পৰা এই সুযোগতো পালোঁ,

তেখেতক মই ইয়াৰ বাবে ধন্যবাদ যাচিলোঁ।

বার্তা, পদ্য, গদ্য আদি সকলো জানিবা,

জীৱনৰ এটা পল থাকিলেও এইখন এবাৰ চাবা।

ৰঙিলী বাৰ্তা বৈ থকা এখন বিশাল সাগৰ,

পাবা জ্ঞান এই বাৰ্তাত বিভিন্ন ধৰণৰ।

এদিন নিশ্চয় বিশ্বয়ে ইয়াৰ গুণ গান গাব,

আৰু নিশ্চয় ইয়াৰ দ্বাৰাই সকলো প্ৰসিদ্ধ হব।

আশা কৰোঁ ৰঙিলী বাৰ্তায়ে আকাশৰ ওপৰ চোৱক,

শ্ৰদ্ধাৰ মহেশ ছাৰৰ স্মৃতি এই বাৰ্তাৰে যুগমীয়া হৈ থাকক।

-নিতিষ্মান দাস,
শ্রেণী সপ্তম শ্রেণী