ৰঙিয়াত নাটকৰ কৰ্মশালাই নৱ প্ৰজন্মক আকৰ্ষিত কৰিছে – সমুজ্জ্বল ডেকা

ৰঙিয়াত নাটকৰ কৰ্মশালাই নৱ প্ৰজন্মক আকৰ্ষিত কৰিছে

সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়

নৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যেৰে ৰঙিয়াত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ জিলা প্ৰশাসন আৰু নটৰাজ নাট্যগোষ্ঠীৰ সহযোগত ঐতিহ্যমণ্ডিত কৃষক শ্বহীদ ভৱনত আয়োজিত গ্ৰীষ্মকালীন নাট কৰ্মশালাত বিভিন্ন ঠাইৰ পৰা অজস্ৰ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সমাগম হয়। ২০২৫ বৰ্ষৰ অৰ্থাৎ যোৱা ১০ জুলাই পৰা অনুষ্ঠিত ১৭ দিনীয়া নাট কৰ্মশালাত নটৰাজ নাট্যগোষ্ঠীৰ সভাপতি ৰূপম শৰ্মা আৰু সম্পাদক চন্দন দাসৰ তত্বাৱধানত কৰ্মশালাখনত প্ৰশিক্ষণ প্ৰদান কৰে অভিনেতা নৰায়ণ বৈশ্য, অপূৰ্ব বৰ্মন, বিশিষ্ট অভিনেতা তথা পৰিচালক শশাংক সমীৰ, অভিনেত্ৰী ফিৰোজা বেগমৰ লগতে বহুতো অভিজ্ঞ ব্যক্তি উপস্থিত থাকে। ৰঙিয়াৰ ৩১ নং বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰে। ২৭ জুলাইত নিশা ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত ৫ খনকৈ নাট প্ৰদৰ্শন কৰা হয়। শিশু সকলৰ এখন নাট তথা উচ্চ শাখাৰ চাৰিখন নাটক ক্ৰমে বহুৰূপী, খোল, উচ্ছেদ আৰু পঞ্চায়ত। মূৰৰ ঘাম মাটিত পেলাই নিজে কাহিনী বনাই দলীয় আলোচনাৰে নাটকৰ আখৰা কৰি নাট মঞ্চস্থ কৰি নৱ প্ৰজন্ম খুবেই আকৰ্ষিত হৈছে।