ৰঙিয়াত কেন্দ্রীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানৰ নিৰ্বাচনী সভা

ৰঙিয়াত কেন্দ্রীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানৰ নিৰ্বাচনী সভা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰঙিয়াৰ তৰণী আৰিমত্ত মিনি ষ্টেডিয়ামত আয়োজিত বিজেপিৰ বিশাল নির্বাচনী সভাত স্থানীয় বিধায়ক তথা বিজেপি প্রার্থী ভবেশ কলিতাৰ হৈ কেন্দ্রীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানে নির্বাচনী প্রচাৰ চলায়। প্রতিকূল বতৰকো নেওচি ১০ সহস্রাধিক লোকে সভাত অংশগ্ৰহণ কৰে। সভাস্থলীত উপস্থিত কেন্দ্রীয় মন্ত্ৰীগৰাকীক দলীয় কর্মী-সমর্থকসকলে আদৰণি জনায়। সভাত মন্ত্রী চৌহানে অসমৰ বৰ্তমান বিৰামহীন প্ৰগতিৰ প্ৰশংসা কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত অভূতপূর্ব উন্নয়ন হৈছে। মধ্যপ্রদেশত মোক মামা বুলি জানে আৰু অসমতো মুখ্যমন্ত্ৰীক সেইদৰে মামা বুলি মৰম কৰে। অসমখন দেশৰ অন্যতম আগশাৰীৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে। লগতে যোগাযোগ, শিক্ষা, স্বাস্থ্য, কৃষি আৰু উদ্যোগ আদি বিভিন্ন ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উলেখ কৰে। আত্মসহায়ক গোটক অনুদান, অৰুণোদয় আঁচনি আদিৰ দ্বাৰা মহিলা সবলীকৰণৰ ক্ষেত্ৰতো চৰকাৰে বিভিন্ন উদ্যোগ গ্রহণ কৰিছে। মন্ত্রী চৌহানে ৰাইজক ভৱেশ কলিতাক ভোট দি পুনৰ বিধায়ক হিচাপে নির্বাচিত কৰাৰ লগতে ড° শৰ্মাক মুখ্যমন্ত্রী হিচাপে নির্বাচিত কৰিবলৈ আহ্বান জনায়।

প্রধানমন্ত্রী মোদীৰ বিকাশ যাত্ৰাক তৰান্বিত কৰাৰ বাবে সমর্থন জনাবলৈ আহ্বান জনায়। সভাত বিধায়ক কলিতাই বিহুগীত গাই উপস্থিত ৰাইজৰ মন জয় কৰিবলৈ প্রয়াস কৰে। আনহাতে, ভাষণ প্রসংগত বিধায়ক কলিতাই কয় যে স্বাধীনতাৰ পিছত দীঘলীয়া সময় শাসনত থাকিও কংগ্ৰেছ উন্নয়নৰ ক্ষেত্ৰত ব্যর্থ হৈছে। কংগ্রেছ শাসনত সমাজ বিভাজন বৃদ্ধি পাইছিল আৰু উন্নয়নত বাধাৰ সৃষ্টি হৈছিল। কিন্তু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত নতুন দিগন্তৰ সূচনা হৈছে। ইতিমধ্যে ১ লাখ ৬৫ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে চাকৰি লাভ কৰিছে আৰু আগন্তুক সময়ত ২ লাখতকৈ অধিক নিয়োগৰ ব্যৱস্থা কৰা হ’ব। জনসাধাৰণৰ কল্যাণৰ বাবে এই চৰকাৰখনে কৰা কামত সন্তুষ্ট হৈ আস্থা বৃদ্ধি পাইছে। সমাগত বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি কলিতাই দোহাৰে। বিজেপি নেতা নৰেন্দ্ৰ তালুকদাৰে আঁত ধৰা উক্ত সভাত কামৰূপ জিলা পৰিষদৰ সভাপতি নিপন ভূঞা, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, বিজেপিৰ জিলা সভাপতি ভাস্কৰ কলিতা, বৰলীয়াপাৰ মণ্ডল ব্লক বিজেপিৰ সভাপতি সুকুমাৰ লহকৰ, জিলা পৰিষদৰ প্ৰাক্তন সদস্য লিটন কলিতাকে আদি কৰি বহুকেইগৰাকী নেতা উপস্থিত থাকে।