ৰঙিয়াত আনুষ্ঠানিকভাৱে অগপত যোগদান ১০জন যুৱকৰ

pc অসম গণ পৰিষদ

ৰঙিয়াত আনুষ্ঠানিকভাৱে অগপত যোগদান ১০জন যুৱকৰ

অনলাইন বাৰ্ত্তাসেৱা – সভাপতি লীলাধৰ শালৈয়ে ৰঙিয়াৰ অগপ বিধান পৰিষদৰ কাৰ্যালয়ত আঁত ধৰি অনুষ্ঠিত কৰে দলটোৰ এখন মাণ্ডলিক সভা অনুষ্ঠানত। এই অনুষ্ঠানত উপস্থিত থাকে পাণ্ডুৰী জিলা পৰিষদৰ অন্তর্গত ১০খন আঞ্চলিক সমিতিৰ ২০গৰাকী সভাপতি আৰু সম্পাদক। সভাখনত সমাগত পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচন সন্দৰ্ভত দলৰ কাৰ্যপন্থা সম্পৰ্কত বিতংকৈ আলোচনা কৰা হয়। এই সভাখনতেই বৈদ্যগড় পঞ্চায়তৰ অন্তৰ্গত তুলসীবাড়ি পালবস্তিৰ তপন পাল আৰু কাজল পালৰ নেতৃ ত্বত ১০গৰাকী যুৱকে অগপত আনুষ্ঠানিকভাৱে যোগদান কৰে। সভাত অগপৰ ৰাজ্যিক কার্যনির্বাহক অৰ্ণৱ ভৰালী, কৃষক পৰিষদৰ সম্পাদক তিলক লহকৰ, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য ভুবনেশ্বৰ লহকৰৰ লগতে আন সদস্যসমূহৰ উপস্থিতি দেখা যায়।

(UD.)