ৰঙিয়াত আইনী সাহায্য আৰু সুবিধা লাভৰ পৰা বঞ্চিত লোকৰ বাবে বাটৰ নাট প্ৰদৰ্শন

Pc- SkyNews assam

ৰঙিয়াত আইনী সাহায্য আৰু সুবিধা লাভৰ পৰা বঞ্চিত লোকৰ বাবে বাটৰ নাট প্ৰদৰ্শন

ৰঙিলী বাৰ্ত্তাসেৱা-  পান ইণ্ডিয়া সজাগতা অনুষ্ঠানৰ লগত সংগতি ৰাখি আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ৰঙিয়া ন্যায়িক সেৱা সমিতিৰ উদ্যোগত হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখত এক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। সীমিত জ্ঞান আৰু সজাগতাৰ অভাৱৰ বাবে বিভিন্ন সময়ত আইনী সাহায্য আৰু সুবিধা লাভৰ পৰা বঞ্চিত হৈ অহা একাংশ লোকক সজাগ কৰি আইনী সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে এই বাটৰ নাটখন প্ৰদৰ্শন কৰে। স্বৰগম মইনা পাৰিজাত গোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা নতুন প্রভাত’ নামৰ নাটখনৰ জৰিয়তে মূলতঃ আইনী সাহায্য লাভ কৰাৰ বাবে যোগ্য ভুক্তভোগী লোক, আবেদন কৰা পদ্ধতি আদি দিশসমূহ উপস্থাপন কৰা হয়। নাটখনৰ মাজেৰে জিলা আইন সেৱা প্ৰাধিকাৰীয়ে সম্পাদন কৰা বিষয় সমূহৰো আভাস দিয়াৰ প্ৰয়াস কৰে। বেণুধৰ পাটোৱাৰী ৰচিত আৰু পৰিচালিত বাটৰ নাটখনত ইউচুফ আলী, অংশুমান ডেকা, সৌৰভ শৰ্মা, দ্বীপেন পাটোৱাৰী, অচ্যুত ৰাজবংশী, বনস্মিতা কাকতি, বৰষা ডেকা, জোনালী ডেকা, মনীষা ডেকা আৰু বনশ্রী ডেকা প্ৰমুখ্যে অভিনয় শিল্পীবৃন্দই সমৱেত দর্শকসকলক সজাগ কৰাৰ লক্ষ্যৰে প্ৰাণভৰি অভিনয় কৰে।