ৰঙা তেজ – ঈভা গন্ধীয়া ফুকন

ৰঙা তেজ 

 ঈভা গন্ধীয়া ফুকন

বিকাৰগ্ৰস্ত মগজুত তেজৰ প্ৰভেদ
ধৰ্ম – ধৰ্মান্ধৰৰ লখুটিৰে বাট খেপিওৱাৰ ভাওনা
মানুহৰ আকাৰ ভিন্ন
কোনোবা ওখ কোনোবা চাপৰ
লিংগ ভিন্ন — লৰা- ছোৱালী,মুনিহ- তিৰোতা
মনৰো নাই মিল সকলো অমিল
ভাৱৰ ভিন্নতা ঠাইভেদে হয় আচাৰ -ব্যবহাৰ বেলেগ
মনুষ্য আমি আমাৰ তেজৰ ৰং একে
ৰঙা তেজ জানো কেতিয়াবা বগা হয়
ৰঙা কলিজাৰ ৰঙা তেজত বৈ থাকে  জীয়া স্পন্দন
ৰঙা তেজত লিখা নাথাকে
উচ্চ- নীচ জাত- পাত ধনী -দুখীয়া ।