ৰঙা ডালতে আছে তোমাৰ কবিতা
– পুলিন ডেকা
সকলোবোৰ কথা প্রেমময় অথবা বিমূর্ত নহ’বও পাৰে।
ধৰি লওক, সীমাহীনতাৰ সিপাৰত থকা
বগৰী গছত ওলমি আছে কাঁইট, মোৰ দৃষ্টিত
লুকাই থকা বর্ষাবিঘ্নিত আকাশত স্থৱিৰ হৈ পৰিছে
কেইটোপালমান বৰষুণৰ শৰীৰ
মই স্পৰ্শ কৰোঁ এটা আবেলিৰ কেইডালমান ৰেখা
যিয়ে মোক লৈ যাব পাৰে তোমাৰ সেন্দুৰীয়া
সুগন্ধিময় বাটটোলৈ
বহু ৰাতি নিৰ্জনতাৰ শিপাত আগুৱাই গৈছোঁ
তোমাৰ স্পৰ্শত গজি উঠা নিদ্ৰাময় আকাশলে
তুমি সাৰে থকা শৰতৰ এপাহি পাহিৰ মাজেৰে
পাৰ হৈ যায় মোৰ ধূলকণাৰ দ্বীপ
উন্মাদ আৱৰণৰ জুই
প্ৰতিটো স্পৰ্শত কাঁইট ফুলে, ৰঙচুৱা কদমৰ ওঁঠত
মেলি দিওঁ প্ৰতিটো মিনিট, ঘণ্টা, এটা দিন
মোৰ প্ৰিয় শব্দ কি, কোনোদিনে সোধা নাছিল
সাগৰৰ ঢৌত জীপাল হৈ থকা প্ৰতিমূৰ্তিটোৰ কাষৰ
বতাহজাকৰ অনুভৱৰ শীতলতম শব্দবোৰে জিৰাইছে
এতিয়াও আছে তোমাৰ উন্মুক্ত পাহাৰৰ শিলৰ গান
ৰঙা ডালত থকা একুৰি কবিতা,
অস্পৃশ্য হাতৰ গজালি
আৰু খিৰিকীমুখত স্তব্ধ উশাহৰ খোজবোৰ
আৰু যে তোমাক কবৰস্থ কৰা মাটিত সেউজ সপোনতে
উলাহ অধীৰ লতাৰ চাৱনি কঁপিছে
সেইদিনা একুৰা জুই লৈ তোমাৰ বুকুৰ ছাঁবোৰে
স্পৰ্শ কৰিছিল
মই এৰি অহা কঠীয়াতলীৰ জলমগ্ন
পথাৰখনক।