ৰঙা ডাক -বাকচ – ইভা গন্ধীয়া ফুকন

ৰঙা ডাক -বাকচ
 ইভা গন্ধীয়া ফুকন
তিনিআলি চাৰিআলিৰ ৰাস্তাৰ কাষত
মলিয়ন অৱহেলিত কোনোমতে পৰি নোযোৱা
এসময়ৰ অতি আদৰৰ ৰঙা ডাক- বাকচ
ৰঙা ডাক- বাকচৰ আজিৰ এই বিলৈ দেখি মন হয় ব্যাকুল
পুৱাৰ পৰা ৰাতিলৈকে
দুখৰ সুখৰ বাৰ্তাৰ চিঠি- পত্ৰৰে গৰ্ভৱতী হোৱা
ৰঙা ডাক -বাকচ
পুৱাবেলাতে ডাকোৱালে গৰ্ভপাত  কৰা
ৰঙা ডাক- বাকচ
সপ্তাহ -দহদিন,মাহ -পষেকৰ অন্তত ডাকোৱালে দিয়া
ইংলেণ্ড লেটাৰ, লেফাফা চিঠিৰ মাজৰ
প্ৰাণৰ আকুলতাৰে ভৰা
মৰম -চেনেহ , প্ৰেম -ভালপোৱা,
আৱেগ – অনুভূতি, দুখ- সুখৰ বাৰ্তাৰ আমেজ
আজিৰ প্ৰজন্মই বুজিব জানো পাৰিব
ধূসৰ সেই পৃষ্ঠা
একবিংশ শতিকাৰ বিজ্ঞানৰ চমকপ্ৰদ প্ৰভাৱ
স্পীডপোষ্ট, ডি টি ডি চি আদি
ভাগে ভাগে আছে অনলাইন কুৰিয়াৰ সেৱা
টোপোলা ভৰাই মৰম চেনেহৰ ভাৰ বৈ
টিলিঙা বজাই বাইচাইকেলত নাহে ডাকোৱাল ককাই
পুৰণিয়ে নতুনক দিলে বাট এৰি
আহে ফোন কল, এছ এম এছ
ফোন কৰি কুৰিয়াৰ কৰ্মীয়ে
বাইক- স্কুটিত আহি দি যায় হেঁপাহৰ টোপোলা
সময়ৰ বলুকাত ৰঙা ডাক বাকচৰ চিহ্ন
ডাক বিভাগৰ পৃষ্ঠা লুটিয়ালে
নিশ্চয় থাকিব জিলিকি !!