ৰঙালী বিহু  আৰু সামাজিক লোকাচাৰ – মিতালি বৰঠাকুৰ

ৰঙালী বিহু  আৰু সামাজিক লোকাচাৰ 

মিতালি বৰঠাকুৰ,মালিগাওঁ,গুৱাহাটী

অসমীয়া  সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ হ’ল ‘ বিহু’ , য’ত সমাজ খনৰ আচাৰ – ব্যৱহাৰ , ৰীতি -নীতি , সাজ- পোছাক, খাদ্য সকলোৰে নিভাজ চিত্ৰ প্ৰতিফলিত হৈ আছে। অসমীয়াr বিহু তিনিটা। তাৰ ভিতৰত ‘ ৰঙালী বিহু’ বা ‘বহাগ বিহু’ অন্যতম।

ৰঙালী  বিহুৰ লগত বহুতো লোকাচাৰ প্ৰচলিত হৈ আছে । এখন সমাজৰ মাজত যেতিয়া  পৰম্পৰাগত ভাবে  কিছুমান নিয়ম ,ৰীতি নীতিৰ ধাৰা অনাদি কাল বৈ থাকে  সেই বোৰকে লোকাচাৰ আখ্যা দিয়া হয়।সভ্যতাৰ আদিম স্তৰৰ পৰা বৰ্তমান সময়লৈকে মানুহে যিবোৰ অভিজ্ঞতা লাভ কৰিছে সেই অভিজ্ঞতাৰ ভিত্তিতেই কিছুমান  লোক বিশ্বাসৰ সৃষ্টি হৈছে। এই লোক বিশ্বাস বোৰৰ লগত পালন কৰা নিয়ম বোৰকে লোকাচাৰ ৰূপে জনা যায়।

চ’ত মাহৰ শেষ দিনা বা সংক্ৰান্তিৰ দিনৰ পৰাই ৰঙালী বিহু আৰম্ভ হয়। ৰঙালী বিহুৰ প্ৰথম দিনাই উদযাপন কৰা হয় গৰু বিহু।  এই বিহুৰ লগত বহুতো ৰীতি নীতি প্ৰচলিত হৈ আছে। আগদিনাই গৃহস্থই গৰুৰ গোহালি পৰিষ্কাৰ কৰি থৈ  বিহুৰ দিনা ৰাতি পুৱাই গৰুৰ গাত মাহ – হালধি সানে , শিঙত তেল সানে আৰু সমূহীয়া ভাবে নদীত গা’  ধুৱাবলৈ নিয়ে । সকলোৱে মিলি হৰিধ্বনি দিয়ে । দীঘলতী , মাখিয়তী পাতেৰে গৰুৰ গাত কোবোৱা হয় । লোক বিশ্বাস মতে এইয়া উৰ্বৰতাৰ প্ৰতীক।  বাঁহৰ শলাত লাও ,  বেঙেনা , তিয়হ , কেঁচা হালধি ,থেকেৰা, কেৰেলা আদি সী  নিয়া চাতৰ পৰা লাও , বেঙেনা আদি গৰুৰ গালৈ দলিওৱা  হয় আৰু  এনেদৰে গোৱা হয়   – ”লাও খা , বেঙেনা খা বছৰে বছৰে বাঢ়ি যা , মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু।”  গা- ধুওৱাৰ পিছত গৰু বোৰক মুকলি পথাৰত মেলি দিয়া হয় , লোক বিশ্বাস মতে এনে কৰিলে সিহঁতৰ শ্ৰী বৃদ্ধি হয় । নিয়ম অনুযায়ী অবশিষ্ট চাতৰ লাউ , বেঙেনা  বোৰ আনৰ লগত সলনা সলনি কৰা হয় । লোক বিশ্বাস মতে এনে কৰিলে গৃহস্থৰ অপায় – অমঙ্গল দূৰ হয়। চাতৰ হালধি , থেকেৰা আদি ঘৰলৈ আনি গৃহস্থই খালে বছৰটোলৈ  বেমাৰ -আজাৰ নহয় বুলি এক জনবিশ্বাস আছে। ঘৰলৈ গৰু আনি ডিঙিত  নতুন তৰা পঘা পিন্ধায়। পঘাত  তুলসী আৰু দুবৰি গুজি দিয়া হয়। লোক বিশ্বাস মতে এনে কৰিলে গৰুৰ বংশ বৃদ্ধি হয়। গধুলি গোহালিৰ ওচৰত আৰু পদুলিত মাখিয়তী , বিহ লঙনী , মৰলীয়া , ধান খেৰ আদিৰে যাগ দিয়া হয় ।  লোক বিশ্বাস মতে যাগৰ  ধোঁৱাই মোহ-  ডাঁহ  আৰু অপদেৱতাৰ পৰা পৰিত্ৰাণ পায় আৰু গৰু নিৰুগী হয়।  কিছুমান ঠাইত গোহালিৰ চাৰিও কাষে নহৰু বটা পানী ছটিওৱা হয় , বিশ্বাস মতে এনে কৰিলে সাপৰ পৰা ভয় নাথাকে বুলি ভৱা হয় । শেষত গৰুক মাখিয়তী পাতেৰে বিছি দিয়া হয় যাতে মোহ ডাঁহৰ পৰা পৰিত্ৰাণ পায়। গৰু বিহুৰ দিনাই জেতুকা লোৱা নিয়ম আছে। জেতুকা পাতৰ লগত পাণ , বৰ্হমথুৰি , ডালিমৰ কোঁহ আদি পতা ত  বাতি নখত , হাতত লগোৱা হয়। সেইদিনা জেতুকা ললে চৰ্ম  ৰোগ নহয় বুলি এক লোকাচাৰ আছে।

দ্বিতীয় দিনা মানুহৰ বিহু। সেইদিনাও কিছুমান লোক বিশ্বাস মানি চলা হয়। ৰাতিপুৱাই মানুহে গা ধুই গোসাঁইৰ ওচৰত প্ৰাৰ্থনা কৰি বয়োজেষ্ঠ জনক গামোচা যাচি সেৱা জনায়। বছৰটো সুকলমে পাৰ হ’বলৈ  ডাঙৰৰ  পৰা আশীৰ্বাদ লয়।  নতুন বস্ত্ৰ পৰিধান কৰে। পিঠা- পনাৰে  সকলোকে আপ্যায়ন কৰা হয়।   বহাগৰ বিহুৰ দিনা পালন কৰা আন এক লোকাচাৰ হ’ল সাত বিধ শাক খোৱা, ( ঠাই বিশেষে এশ এবিধ ) ছোৱালী – বোৱাৰী সকলো মিলি বাৰিৰ শাক বুটলি আনে। লোক বিশ্বাস মতে এই শাক খালে বছৰটোলৈ বেমাৰৰ পৰা ৰক্ষা পায়। কিয়নো এই শাক বোৰ হ’ল  তিতা ,টেঙা, মিঠা  ,কেহা সকলো ঔষধি গুণৰ পৰিচায়ক। বিহুৰ দিনা নাহৰ পাতত এক বিশেষ মন্ত্ৰ  লিখি ঘৰৰ মূধচত লগাই থোৱা হয়। বিশ্বাস মতে এই মন্ত্ৰ থাকিলে বতাহ বৰষুণ প্ৰাকৃতিক অপাই অমংগলৰ পৰা ৰক্ষা পায় বুলি এক জনবিশ্বাস আছে। ৰঙালী বিহুৰ দিনাই হুঁচৰি গোৱা নিয়ম আছে। গাঁৱৰ বয়োজেষ্ঠ সকলক মুখ্য কৰি ডেকা সকলে প্ৰথমে নামঘৰত তামোল -পানেৰে এখন শৰাই আগবঢ়াই  প্ৰতিঘৰ মানুহৰ চোতালত হুঁচৰি গায়। গৃহস্থই তেওঁলোকক গামোচা , অৰিহণা ,তামোল – পাণ আদিৰে এখন শৰাই আগবঢ়াই বছৰটোলৈ আশীৰ্বাদ লয়। এই দিনাই মুকলি বিহুও আয়োজন কৰা হয় ।ডেকা -গাভৰু সকলো মিলি নিৰ্মোহ ধেমালিৰে বিহু গীত গাই নচা হয়। বিহুৰ লগত সামঞ্জস্য ৰাখি খেল – ধেমালি কৰা হয়। বিশেষকৈ কড়ি খেল , কণী যুঁজ আদি পতা হয়। লোক বিশ্বাস মতে এই খেল বোৰ প্ৰজননৰ প্ৰতীক বুলি ধৰা হয়। বহাগ বিহুৰ তৃতীয় দিনা  নামঘৰত এখন শৰাই , গামোচা  আগবঢ়াই গোঁসাই বিহু পতা হয় আৰু নাম প্ৰসংগ কৰে। গাঁৱৰ কাৰোবাৰ বিবাদ থাকিলে এই দিনাই  মিত- মাত কৰি দিয়ে। জীয়ৰী বিহুৰ দিনা বিয়া হোৱা জীয়ৰী বিলাক মাকৰ ঘৰলৈ যোৱাৰ এক নিয়ম আছে।

পৰিবৰ্তনৰ খাম খুমিয়াত ৰঙালী বিহুৰ বহুতো ৰীতি নীতি  লুপ্ত হৈছে যদিও আজিও কিছুমান লোকাচাৰ পালন কৰা হয় আৰু আগলৈও প্ৰচলিত হৈ থাকিব। অসম অসমীয়াৰ বাপতি সাহোন বিহুৰ পৰম্পৰা  অটুট ৰাখি প্ৰতিজন অসমীয়াই নিজৰ কৃষ্টি সংস্কৃতিৰ মূল সুতিটো জীয়াই ৰাখিবলৈ আকুন্থ প্ৰয়াস কৰে যেন , এইয়াই সকলোৰে কাম্য।