ৰঙানদী সাংস্কৃতিক প্ৰকল্প বামুণদলনীত কৃতী ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান
বুলমণি বৰি, লখিমপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- Bright Future Tuition Centre ৰ উদ্যোগত ৬ জুলাই ২০২৫ তাৰিখে ৰঙানদী সাংস্কৃতিক প্ৰকল্প, বামুণদলনীত ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মুঠ ৬৫ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক ট্ৰফি আৰু এখনি মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানটি হিমাংশু বড়াৰ নেতৃত্বত খনাজান আহোম গাঁৱৰ চেমনীয়া দিহানামৰ দলে দিহানামেৰে শুভাৰম্ভ কৰে।লেখন বৰাই আঁত ধৰা অনুষ্ঠানত নিদিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে কিষাণ বিদ্যাপীঠ হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুকুমাৰ পায়েঙে। তেখেতে কয় যে শিক্ষাৰ জৰিয়তে জ্ঞান দক্ষতা আৰু মূল্যবোধ বিকশিত হয়।যি এজন ব্যক্তিক সমাজৰ বাবে উপযোগী নাগৰিক হিচাপে গঢ় দিয়ে। সেয়ে ছাত্ৰ ছাত্ৰী সকলক সময়ৰ সদ্ব্যৱহাৰ নিয়মানুৱৰ্তিতা, একাগ্ৰতা অধ্যৱসায়ৰ লগতে ছাত্ৰ ছাত্ৰীক আধ্যাত্মিক নৈতিক দিশতো গুৰুত্ব দিবলৈ আহ্বান জনোৱাৰ লগতে শিপাক পাহৰি নাযাবলৈ অনুৰোধ জনায় । বিশিষ্ট অতিথি হিচাপে মিচিং স্বায়ত্ব শাসিত পৰিষদ,কৃষি বিভাগৰ কাৰ্য্যকৰী সদস্য দেৱ ৰঞ্জন মৰাঙে ছাত্ৰ ছাত্ৰী সকলক সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হৈ কেৱল চাকৰিমুখী মানসিকতা পৰিহাৰ কৰি জাতি সমাজৰ উন্নয়নৰ বাবে সেৱা আগবঢ়াবলৈ আৰু ভৱিষ্যতে এগৰাকী ৰুচিসম্পন্ন আৰু সংস্কৃতিবান নাগৰিক হিচাপে নিজকে গঢ়ি তুলি পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি ভাষণ প্ৰদান কৰে। ছাত্ৰ ছাত্ৰী সকলেও তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰে। সভাখনত বিশিষ্ট অতিথি হিচাপে উপেন দাস চালেহ আহমেদ মহচিন ৰুবুল বৰা সত্যজিৎ চুতীয়া বুলমণি বৰি নিতিশ কুমাৰ শইকীয়া আৰু ঘনশ্যাম গাম উপস্থিত থাকে। অভিভাৱক সকলৰ উপস্থিতি আৰু ছাত্ৰ ছাত্ৰী সকলৰ গীত নৃত্যই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখ্য যে Bright Future Tuition Centre ৰ স্বত্বাধিকাৰী বিষেশ্বৰ গগৈয়ে ২০১৮ চনৰ পৰাই ছাত্ৰ ছাত্ৰী সকলক উৎসাহ যোগোৱাৰ মানসেৰে এই অভিনন্দন অনুষ্ঠান আয়োজন কৰি আহিছে আৰু এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব বুলি তেখেতে জানিবলৈ দিয়ে।হেমাশ্ৰী বৰাৰ গীতেৰে সভাৰ কাৰ্য্যসূচীৰ সফল সামৰণি পৰে।
