ৰক্ষকে ভক্ষকঃ কৰ্তব্যৰত দুই আৰক্ষীৰ জে’লৰ ভিতৰতে বিশেষভাৱে সক্ষম মহিলাক দলবদ্ধ ধৰ্ষণ

ৰক্ষকে ভক্ষকঃ কৰ্তব্যৰত দুই আৰক্ষীৰ জে’লৰ ভিতৰতে বিশেষভাৱে সক্ষম মহিলাক দলবদ্ধ ধৰ্ষণ

ৰঙিলী বাৰ্ত্তাসেৱা-  এটা লজ্জাজনক ঘটনাই কঁপাইছে সমগ্ৰ অসম । শ্ৰীভূমি কাৰাগাৰৰ চৌহদত দলবদ্ধ যৌন নিৰ্যাতনৰ এক চাঞ্চল্যকৰ অভিযোগ পোহৰলৈ আহিছে । এগৰাকী বিশেষভাৱে সক্ষম মহিলাক দলবদ্ধ ধৰ্ষণৰ অপৰাধত গ্ৰেপ্তাৰ হয় দুজন আৰক্ষী কনিষ্টবল। শ্রীভূমি জিলা কাৰাগাৰৰ দুই বার্ডেনৰ বিৰুদ্ধে বিশেষভাৱে সক্ষম এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ গুৰুতৰ অভিযোগ উঠিছে। এই অভিযোগৰ ভিত্তিত শ্রীভূমি আৰক্ষীৰ জালত ধৰা পৰে কাৰাগাৰৰ দুই কনিষ্টবল। মাজনিশা শ্রীভূমি কাৰাগাৰ চৌহদৰ এটা কোঠাত এই জঘন্য কাণ্ড সংঘটিত কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হয় দুজন কনিষ্টবল। নিশা পহৰা দি থকা আৰক্ষীয়ে দুয়োজনক ধৰি শ্রীভূমি সদৰ থানালৈ লৈ যায়। ধৃত দুজন হৈছে গজেন্দ্র কলিতা আৰু হৰেশ্বৰ কলিতা। জানিব পৰা মতে, আৰক্ষীয়ে সম্প্রতি দুয়োকে থানাত আবদ্ধ কৰি জেৰা অব্যাহত ৰাখিছে। শ্রীভূমি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে সংবাদ মেল অনুষ্ঠিত কৰি ঘটনা সন্দর্ভত সবিশেষ প্রকাশ কৰে। তেওঁ জনোৱা মতে, প্রাথমিক তদন্তত জানিব পৰা গৈছে যে সেই সময়ত জে’লৰ অভিযুক্ত কনিষ্টবল দুজন কৰ্তব্যৰত অৱস্থাত আছিল। তেতিয়া মানসিকভাৱে অস্থিৰ অৱস্থাত কাৰাগাৰৰ চৌহদত ঘূৰি ফুৰা এগৰাকী মহিলাক কাৰাগাৰৰ বেৰেকলৈ লৈ গৈ ধৰ্ষণ কৰে। তেনে সময়তে কৰ্তব্যৰত আন আৰক্ষী জোৱানসকলে সন্দেহ প্রকাশ কৰাৰ পিছতে সমগ্ৰ বিষয়টো পোহৰলৈ আহে। ইয়াৰ পিছতে জিলা আৰক্ষীয়ে ক্ষিপ্ৰ ব্যৱস্থা গ্রহণ কৰি অভিযুক্তদ্বয়ক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। ইপিনে দুৰ্ভগীয়া মহিলাগৰাকীক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় আৰু বৰ্তমান স্থানীয় আশ্ৰয় গৃহত ৰখা হৈছে।