ৰক্তবীজ
জাহ্নৱী বৰা
তৰাজান সোণালী নগৰ,যোৰহাট
সেইদিনা মোৰ শৰীৰৰ পৰা কেঁচা তেজ চপৰা চপৰে খহিছিল ,
দুই ভৰিৰ ফাঁকেদি বৈ অহা গৰম
তেজৰ ভেকেটা ভেকেট গোন্ধত
চৌপাশৰ মানুহে নাক কোচাই পাৰ হৈছিল।
ৰক্তাক্ত গলিটোত মানুহৰ লানি লাগিছিল কেৱল মাথোঁ মোক চাবলৈ।
নাভিৰ তলত পাক মাৰি বিষ এটাই মেৰাই ধৰিছিল।
তথাপিও কিন্তু এচাম কামুক পুৰুষে
লোলোপ দৃষ্টি নিক্ষেপ কৰা বাদ দিয়া নাছিল।
সেইদিনা মোৰ চকুৱে নহয়, কান্দিছিল মোৰ অন্তৰে।
প্ৰেমাস্পদ প্ৰেমিকক সতীত্ত্বৰ প্ৰমাণ দিবলৈ গৈ
বগা চোলাটো পলাশ ৰঙী হৈ জিলিকিছিল।
আজি প্ৰায় ন টা বছৰ উকলিল….
সময়বোৰ বেগী ঘোঁৰাৰ পিঠিত উঠি যেন উৰিহে পাৰ হ’ল।
ক’ত আজি সেই পগলভ প্ৰেমিক?
শৰীৰৰ খলা বমা বোৰ শৰীৰৰ সমস্ত বলেৰে ফেনেকি পেলোৱা
সেই মাতাল নিশাৰ সুঠাম শৰীৰৰ প্ৰেমিক ক’ত আজি?
আস, অসহ্য……..
গোসাঁনী…………. !
হম্….. কিবা ক’ব?
কেতিয়ানো দুচকু সেমেকি উঠিল উমানেই নাপালো দেখোন।
সেমেকা দুচকুৰে তেওঁৰ মুখ খনলৈ চাবলৈ সাহস ন’হল ।
সামান্য টোপনিৰ চলেৰে চাই তেওঁৰ পঠালো ক্লান্ত মুখ খনলৈ…
কিমানযে বিশ্বাস….
কিমানযে কোমলতা আছে এই মুখ খনত।
টোপনিটো যেন ভোৰ ভোৰাই মোকেই মাতিছে।
কিবা এটা অদ্ভুত প্ৰশান্তি আছে এই মুখ খনত।
জুইয়ে দহা কলিজা খনে আজি নতুনকৈ উশাহ লৈছে
ভিতৰৰ জখম বোৰ শুকাইছে
ইয়াৰ একমাত্ৰ কাৰণ এই মুখ খন।
তেতিয়াও টোপনিত কিবা কিবি কৈয়েই আছিল।
কিমান যে ত্যাগৰ প্ৰাপ্তি আপুনি
কেনেকৈ বুজাও আপোনাক!
উকা কপালত জিলিকি ৰোৱা ৰঙা বেলিটো এতিয়া আপোনাৰ নামত।
মোৰ প্ৰতিটো প্ৰাপ্তিৰ প্ৰাৰ্থনা এতিয়া আপোনাৰ নামত।
তেওঁৰ হাতখন তেতিয়াও মোৰ মূৰৰ তলতেই আছিল…….
কাণৰ ওচৰলৈ কাষ চাপি গৈ মনে মনে ক’লো
মোৰ হৃদয় কোঠালীৰ ৰক্তবীজ আপুনি!