ৰক্তদানৰ বাবে ভয় কিহৰ ? – চন্দ্ৰ শেখৰ পৰাজুলী

PC - The Economic Times
ৰক্তদানৰ বাবে ভয় কিহৰ ?
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
ৰক্তদানৰ বিষয় বস্তু আমাৰ বাবে কোনো নতুন নহয়। আচলতে  ১৮১৮ চনৰ  ২২ ডিচেম্বৰ তাৰিখে জেমচ ব্ৰুচেল নামৰ চিকিৎসা বিজ্ঞানীয়ে মানুহৰ গাত মানুহৰে তেজ সফলতাৰে প্ৰদান কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছত ১৯০১ চনত কাৰ্ল লেণ্ডষ্টেইনাৰ আৰু ডাক্তৰ উইনাৰে তেজৰ বিভিন্ন ধৰণৰ গ্ৰুপ সমূহ আবিষ্কাৰ কৰি তেজ প্ৰদানৰ প্ৰক্ৰিয়াত আৰু অধিক সুবিধা হৈছে। সচৰাচৰ ৰক্তদানৰ বাবে ৰক্তদাতাৰ লগতে ব্লাড বেংকৰ প্ৰয়োজন হয়। আজিকালি আমাৰ অসম তথা ভাৰততে প্ৰায়বোৰ ঠাইতে ব্লাড বেংকবোৰৰ প্ৰতিষ্ঠা কৰা হৈছে নহয়নে ? কিন্তু ৰক্ত দানৰ প্ৰতি বৰ্তমান সময়তো সজাগতা বহু প্ৰয়োজন আছে। এক তথ্য অনুসৰি পোৱা মতে দেশৰ প্ৰায় ৫০% প্ৰাপ্তবয়স্ক লোকসকলে ৰক্তদান কৰাৰ যোগ্য। কিন্তু অতি দোষৰ বিষয় যে, এতিয়াও প্ৰতি ১০০০ ব্যক্তিৰ মাজত ৪ জনেহে ৰক্তদানৰ প্ৰতি আগ্ৰহী। আচলতে চাওঁক ৰক্তদানৰ জৰিয়তে অন্যান্য লোকসকলৰ জীৱন ৰক্ষা কৰাৰ লগতে নিজৰ শৰীৰৰতো শুদ্ধ ৰূপত ভাল তেজ প্ৰবাহিত হ’বলৈ ধৰে। যাৰ ফলত নিজ শৰীৰক তেজৰ জৰিয়তে হোৱা বহু সংক্ৰমণৰ পৰা মাত্ৰ আমি ৰক্তদান কৰাৰ জৰিয়তে উপক্ৰম পাবলৈ সক্ষম হ’ম। আমি সাধাৰণতে ৰক্তদান কৰাৰ বাবে শৰীৰৰ ওজন নুন্যতম ৪৫ কিলোগ্ৰামৰ উপৰত হ’ব লাগে। লগতে তেজত হিমগ্লবিন ১২ গ্ৰাম শতাংশৰ কম হ’ব নালাগে। এনেধৰণৰ আপোনালোকে ৰক্তদানৰ বাবে উল্লেখিত কিছুমান বেমাৰৰ পৰা মুক্ত হ’লেই ৰক্তদান কৰিব পাৰিব। আনহাতে সচৰাচৰ সুস্থ,সবল ব্যক্তি এজনৰ পৰা ৩৫০ মিলিলিটাৰহে তেজ সংগ্ৰহ কৰা হয়। চাওঁক মই কোনো চিকিৎসা বিজ্ঞান জড়িত ব্যক্তি নহয় । তথাপিও মই ৰক্তদান প্ৰক্ৰিয়াৰ বাবে ৰক্তদাতা সংস্থাবোৰৰ লগত সময়ে সময়ে জড়িত হৈ আহিছোঁ। আমাৰ বহুতৰে এতিয়াও হয়তো ৰক্তদান শব্দটো শুনাৰ লগে লগে বুকুত বহুতো ভয় ভাব সোমাই পৰে নহয়নে? কিন্তু ৰক্তদানৰ বাবে ভয় কিহৰ? আচলতে আমাৰ মাজত সজাগতা অভাবৰ ফলত কিছুমান বিষয়ৰ প্ৰতি আমাৰ জ্ঞান একেবাৰে সীমিত। একমাত্ৰ জ্ঞানৰ অভাৱৰ ফলতে ৰক্তদান দিয়াৰ পিছত আমি দূৰ্বল হৈ পৰিম, নানান বেমাৰত পৰিম বুলি নিজৰ  মনৰ মাজতে শঙ্কা ভাবৰ সৃষ্টি হোৱা দেখা যায় । এবাৰ সাহসেৰে আগবাঢ়ি ওলাই আহকচোন ৰক্তদান কৰি কাৰোবাৰ জীৱন ৰক্ষাৰ বাবে। এনেধৰণৰ সুন্দৰ অনুভৱ আপুনি হয়তো লক্ষ্য লক্ষ্য টকাৰ বিনিময়তো ক্ৰয় কৰা সম্ভৱ নহয়। কাৰণ টকাৰ বলত আপুনি উন্নত ধৰণৰ চিকিৎসা প্ৰদান কৰিব পাৰে কিন্তু একমাত্ৰ টকাৰ জৰিয়তে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰাটো এতিয়ালৈ সম্ভৱপৰ হৈ উঠাগৈ নাই । বৰ্তমান সময়তো আমাৰ ওচৰতে থকা ব্লাড বেংকবোৰত পৰ্যাপ্ত পৰিমাণে ৰক্ত সংগ্ৰহ কৰি ৰাখিবলৈ সক্ষম নহয়। ফলত সময়ে সময়ে কেতবোৰ মানুহে ৰক্ত বিচাৰি হাবাথুৰি খোৱা দেখা পৰিলক্ষিত হয়। গতিকে ১৮ বছৰৰ পৰা আৰম্ভ কৰি ৬৫ বছৰৰ ভিতৰৰ যিকোনো সুস্থ সবল পুৰুষ বা মহিলাই নিসংকোচে ওলাই আহি ৰক্তাদান পক্ৰিয়াত সহভাগী হ’ব পাৰে। সদায় এটা কথা মনত ৰাখিব ভাল দিন আৰু বেয়া দিন সকলোৰে সমানে আহে। সেই তেতিয়া আপুনি যদি কাৰোবাৰ বিপদৰ সময়ত সহায় কৰিলেহে আপোনাৰ বিপদৰ সময়ত অন্যান্য লোকসকলে আহি সহায় কৰিব।