ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন দেশৰ মুখ্য ন্যায়াধীশৰ

ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন দেশৰ মুখ্য ন্যায়াধীশৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ন্যায়িক খণ্ডৰ উত্তৰণৰ দিশত এক নতুন  দিগন্তৰ সূচনাৰে দেওবাৰে দেশৰ মুখ্য ন্যায়াধীশ সূর্য কান্তই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰকৰণৰ বাবে উত্তৰ গুৱাহাটীৰ ৰংমহলত নতুন বিশাল সংহত ন্যায়িক আদালতৰ আধাৰশিলা স্থাপন কৰি স্থানান্তৰকৰণৰ বিৰোধিতা কৰাসকলক এক প্ৰকাৰ তুলা-ধূনা দিলে ভাৰতৰ মুখ্য ন্যায়াধীশৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন কৰি কয় যে এই নতুন প্রকল্পটো কেবল এটা ভৱন নিৰ্মাণৰ বিষয় নহয়, ই সংবিধানৰ এক গুৰুত্বপূৰ্ণ প্রতিশ্রুতি। ন্যায় সকলোৰে বাবে সুলভ হ’ব লাগিব, এইটো পুনৰ দৃঢ় কৰা এক পদক্ষেপ। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত। ন্যায় কেবল আদালতৰ ভিতৰতে সীমাবদ্ধ নহয়। ন্যায় হৈছে এক দীঘলীয়া প্রক্রিয়া য’ত ন্যায়াধীশ, উকীল, ৰাজহুৱা অভিযোজক, আদালতৰ কৰ্মচাৰী, আইনগত প্রতিষ্ঠান আৰু সহায়ক আন্তঃগাঁথনি একেলগে জড়িত থাকে। যেতিয়া এই ব্যৱস্থাটো খণ্ডিত হয়, তেতিয়া ন্যায় বিচৰা প্ৰক্ৰিয়াটো সাধাৰণ নাগৰিকৰ বাবে ক্লান্তিকৰ আৰু হতাশজনক হৈ পৰে।

মুখ্য ন্যায়াধীশ সূর্য কান্তই আৰু কয় যে আদালত আৰু আইনগত কার্যালয়সমূহ বেলেগ বেলেগ ঠাইত থকা বাবে নাগৰিক আৰু উকীলসকলে অহৰহ যাতায়াত, বিলম্ব আৰু অতিৰিক্ত ব্যয়ৰ সন্মুখীন হয়। সকলো সেৱা একেটা সুলভ স্থানত একত্ৰিত কৰিলে মানুহে ব্যৱস্থাৰ জটিলতা নোহোৱা কৰি সহজে ন্যায় বিচাৰত মনোযোগ দিব পাৰে। যুৱ উকীলসকলৰ ভৱিষ্যৎ চিন্তা কৰি তেওঁ কয় যে বৰ্তমানৰ আদালত কমপ্লেক্সসমূহ অধিকাংশ ক্ষেত্রত জ্যেষ্ঠ উকীলসকলৰ দখলত আছে। যাৰ ফলত নতুন উকীলসকলৰ বাবে পর্যাপ্ত ঠাই আৰু সুযোগ নাথাকে। নগৰৰ ওচৰত ভূমিৰ অভাৱ বাঢ়ি অহাৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰা অতি প্রয়োজনীয়। একাংশ অধিবক্তাই ন্যায়ালয় স্থানান্তৰৰ প্ৰতিবাদ কৰা কাৰ্যক সমালোচনা কৰি তেওঁ কয় যে নিজৰ ন্যস্তস্বাৰ্থৰ বাবে সকলো কথাতে একাংশই প্রতিবাদ কৰিছে। এই প্ৰতিবাদৰ কাৰণ দেখি তেওঁ হতবাক হৈছে। ব্যক্তিগত স্বাৰ্থৰ বাবে ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতাৰে কৰা প্ৰতিবাদক তেওঁ নস্যাৎ কৰি কয় যে ৰাজ্য চৰকাৰ, ন্যায়ালয় আৰু বাৰ এছ’চিয়েচনসমূহ সংকীর্ণ স্বাৰ্থৰ পৰা ওলাই আহি আধুনিক আৰু অন্তর্ভুক্তিমূলক আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা উচিত। প্ৰস্তাৱিত এই নতুন প্রকল্পটোত আদালত, পুথিভঁৰাল, ফাইলিং ব্যৱস্থা, স্বাস্থ্য সেৱা, গোপন আলোচনাকক্ষ আৰু আধুনিক প্রযুক্তিৰ সুবিধা থাকিব। যদিও কেৱল উন্নত আন্তঃগাঁথনিয়ে মামলাৰ ভাৰ কমাব নোৱাৰে, তথাপি এক অধিক মানবীয়, দক্ষ আৰু সুলভ ন্যায় ব্যৱস্থাৰ বাবে এইটো এক অত্যাৱশ্যকীয় আধাৰ।  উল্লেখ্য যে দুটা পর্যায়ত মুঠ প্রায় ১,৭০০ কোটি টকা প্রকল্প ব্যয়েৰে ১৪৮ বিঘা ভূমিত স্থাপন হ’বলগীয়া এই সংহত ন্যায়িক আদালত চৌহদত উচ্চ ন্যায়ালয় ভৱন, উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ ভৱন, উচ্চ ন্যায়ালয়ৰ কাৰ্যালয় ভৱন, কামৰূপ আৰু কামৰূপ মহানগৰ জিলা আদালতসমূহৰ  লগতে পার্কিং আদি অন্যান্য সুবিধাসমূহ থাকিব। এই অত্যাধুনিক আদালত চৌহদক এক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে, য’ত বিভিন্ন ন্যায়িক কাম-কাজসমূহ একেখন চালিৰ তলতে সম্পন্ন হ’ব। ই আমাৰ ন্যায়িক ব্যৱস্থাৰ দক্ষতা বৃদ্ধিত সহায় কৰাৰ লগতে প্ৰতিগৰাকী নাগৰিকৰ বাবে ন্যায় প্রদান প্রক্রিয়া অধিক সহজ আৰু সুলভ কৰি তুলিব।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ন্যায়, সত্য আৰু জনসাধাৰণৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে জন্মলগ্নৰে পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ে আগবঢ়োৱা বৰঙণিক অসমবাসীয়ে সদায় কৃতজ্ঞতাৰে স্মৰণ কৰে। সময়ৰ লগে লগে এটা জাতিৰ সপোনৰ পৰিৱৰ্তন হয় আৰু মানুহে আগবাঢ়ি যাবলৈ সংকল্প গ্রহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে  পেছাগত জীৱন আৰম্ভ কৰি সুদীর্ঘ এটা দশক ইয়াত ওকালতি কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ভৱনটো ন্যায়ালয়খনৰ গৰিমা আৰু ভৱিষ্যতৰ ৫০ বছৰৰ অসমবাসীৰ সপোনৰ সৈতে খাপ নাখায়।  অসমৰ বিধানসভা, উচ্চ ন্যায়ালয় বা সচিবালয়ক আধুনিক অসমক প্রতিনিধিত্ব কৰিব পৰাকৈ আৰু অসমৰ ৰাইজৰ সপোনৰ প্ৰতিষ্ঠান হিচাপে নিৰ্মাণ কৰাৰ বাবে ইচ্ছা থকা বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিধানসভা আৰু সচিবালয়ৰ পৰিৱৰ্তন কৰা হ’ল। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰিৱৰ্তন হোৱা নাছিল। উচ্চ ন্যায়ালয়ক ৰংমহললৈ স্থানান্তৰ কৰাৰ প্ৰাৰম্ভিক চিন্তা-চৰ্চাৰ কথা সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ২০২২ চনত উচ্চ ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই গুৱাহাটী উচ্চ ন্যায়ালয়ক নতুন স্থানলৈ নিব লাগে বুলি মুখ্যমন্ত্রীক কৈছিল। উচ্চ ন্যায়ালয়ৰ নতুন চৌহদৰ বাবে গুৱাহাটীৰ আশে-পাশে কেই বাটাও স্থান পৰিদৰ্শন কৰাৰ পিছত ৰংমহলৰ এই ঠাইখিনি উপযুক্ত হ’ব বুলি ন্যায়াধীশ মেহতাই সদৰী কৰিছিল। স্থান নির্বাচনৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ক আধুনিক ৰূপত নির্মাণ কৰাৰ পৰিকল্পনা আৰম্ভ কৰা হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰম্পৰাৰ লগত সংগতি ৰাখি প্রযুক্তিগতভাৱে উন্নত আৰু সুন্দৰ আন্তঃগাঁথনিৰ এটা চৌহদ নিৰ্মাণৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। ন্যায়াধীশ মেহতাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰা বিজয় বিষ্ণয়ৰ কাৰ্যকালতে নতুন ভৱন তথা চৌহদৰ নক্সা আদি প্ৰস্তুত কৰা হয় আৰু সেই অনুসৰি ১৪৮ বিঘা মাটি অধিগ্রহণ কৰা হয়।

ন্যায়পালিকাৰ ওপৰত থকা শ্ৰদ্ধাৰ বাবেই অতি মূল্যৱান ভূমি উচ্চ ন্যায়ালয় নিৰ্মাণৰ বাবে দিয়া হেতুকে মুখ্যমন্ত্রী ড° শর্মাই ৰংমহলৰ ৰাইজক কৃতজ্ঞতা জনায়। উচ্চ ন্যায়ালয়ৰ নক্সা প্রস্তুতৰ সময়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ পৰা পৰামৰ্শ লোৱাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতিগৰাকী ন্যায়াধীশৰো পৰামৰ্শ লোৱা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্ণাংগ আদালতে অনুমতি দিয়াৰ পিছতহে নিবিদা আহ্বান কৰা হৈছিল। মুখ্যমন্ত্রী ড° শর্মাই কয় যে নতুন উচ্চ ন্যায়ালয় ভৱনটোত প্ৰথমতে ৩১টা আদালত কক্ষ থাকিব, য’ত অধিবক্তা, গুচৰীয়া সকলোৱে আদালত কক্ষত বহি বিচাৰ প্ৰক্ৰিয়া চাব পাৰিব। ইয়াৰ উপৰি অধিবক্তাৰ বাবে তিনিশটা চেম্বাৰ, দুহেজাৰ অধিবক্তা বহিব পৰা স্থানৰ ব্যৱস্থা কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ প্ৰশাসনীয় কাম-কাজৰ বাবে ৬ মহলীয়া এটা ভৱন নিৰ্মাণ কৰা হ’ব। আনহাতে ভৱিষ্যতৰ কথা চিন্তা কৰি আন ১৫টা আদালত কক্ষৰ ব্যৱস্থা ৰখা হৈছে। ইয়াৰ উপৰি কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত, মটৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণ, ঔদ্যোগিক ন্যায়াধিকৰণকে ধৰি মুঠ ৬৫খন আদালত ইয়াত স্থাপন কৰা হ’ব আৰু এই আদালতসমূহৰ সৈতে জড়িত দুহেজাৰ অধিবক্তা বহিব পৰাৰ ব্যৱস্থা কৰা হ’ব। লগতে এহেজাৰ লোক বহিব পৰা প্ৰেক্ষাগৃহ, উচ্চ ন্যায়ালয়ৰ বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষাগৃহ, এখন সুসজ্জিত চিকিৎসালয়, কেফেটেৰীয়া, কেন্টিন, সেউজ পৰিৱেশ আদিৰ ব্যৱস্থা কৰা হৈছে।

মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বৰ্তমানৰ ৰংমহলৰ পথটোৱে জিলা আদালতৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু উচ্চ ন্যায়ালয়ৰ বাবে এটা চাৰিলেনযুক্ত পথ নতুনকৈ নিৰ্মাণ কৰা হ’ব। দৌলগোবিন্দ মন্দিৰ আৰু দীর্ঘেশ্বৰী মন্দিৰৰ মাজৰ এই পৱিত্ৰ ভূমিত গুৱাহাটী উচ্চ ন্যায়ালয় নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে একাংশ অধিবক্তাই উচ্চ ন্যায়ালয় স্থাপনৰ বিৰোধিতা কৰিছে। বৰ্তমানৰ উচ্চ ন্যায়ালয়ৰ পৰা ৰংমহলত নিৰ্মাণ হ’বলগীয়া নতুন চৌহদলৈ আহিবলৈ দুঘণ্টা সময় লাগিব বুলি তেওঁলোকে যুক্তি দিছে।  মুখ্যমন্ত্রী ড° শর্মাই কয় যে অহা ফেব্ৰুৱাৰী মাহত দেশৰ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্ম পুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দলঙংখন উদ্বোধন কৰিব। ফলত ফাঁচীবজাৰৰ পৰা ৰংমহললৈ আহিবলৈ ৮-৯ মিনিট সময়ৰ প্ৰয়োজন হ’ব আৰু দীঘলীপুখুৰীৰ পৰা ৰংমহললৈ আহিবলৈ ২০-২৫ মিনিট সময় লাগিব। গুৱাহাটীৰ পৰিৱৰ্তন হৈছে। ১০ বছৰৰ পিছত আজিৰ গুৱাহাটীখন সম্পূৰ্ণ বেলেগ হৈ পৰিব। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া নাৰেংগী-কুৰুৱা দলং ৰংমহলৰ পৰা ৭-৮ কিলোমিটাৰ দূৰৈত। এই দলঙেৰে নগাঁও, জাগীৰোডৰ পৰা অহা অধিবক্তা বা গুচৰীয়াই সোণাপুৰৰ পৰা পোনে পোনে ৰংমহললৈ আহিব পাৰিব। নলবাৰী, কামৰূপ, দৰং আদি স্থানৰ অধিবক্তা, গুচৰীয়াসকল ৰিং ৰোডেৰে ৰংমহললৈ আহিব। বকো, ছয়গাঁৱৰ দিশৰ পৰা অহা অধিবক্তাসকল শৰাইঘাট দলঙেৰে আহিব। অহা জুলাইত সম্পূর্ণ হ’বলগীয়া গৌৰীপুৰত নির্মীয়মাণ ট্রাম্পেডটোৱে তেওঁলোকক সোনকালে ৰংমহল পোৱাত সহায় কৰিব। অর্থাৎ ফাঁচীবজাৰ, পাণবজাৰৰ পৰিৱৰ্তে ৰংমহল, উত্তৰ গুৱাহাটী, চাংসাৰি, কুৰুৱা এই গোটেই অঞ্চলটো গুৱাহাটীৰ মধ্যস্থানলৈ ৰূপান্তৰ হ’ব। এয়া সপোন নহয়। অহা ফেব্ৰুৱাৰী মাহৰ পৰাই এই সপোন দিঠকত পৰিণত হ’বলৈ আৰম্ভ হ’ব। মুখ্যমন্ত্রী ড° শর্মাই কয় যে উচ্চ ন্যায়ালয়ৰ নতুন ভৱনটো ডিজিটেলী সমৃদ্ধ হ’ব। দূৰৈত থকাসকলে এ আৰ, ভি আৰ বা আন ডিজিটেল প্ৰযুক্তিৰ সহায়ত দূৰৰ পৰাও আদালতত নিজৰ কথা ক’ব পাৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ভৱন আধুনিক অসম, নতুন অসমৰ পৰিচয় হ’ব। যিখন অসমৰ পম খেদি বিগত বছৰসমূহত চৰকাৰে কাম কৰিছে সেই অসমৰ সপোন দিঠকত পৰিণত হোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এটা মাইলৰ খুঁটিত পৰিণত হ’ব।

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দলঙৰ নিৰ্মাণ সম্পূর্ণ নোহোৱালৈকে উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা নহয় বুলি তিনি বছৰ পূৰ্বে অধিবক্তাসকলক প্রতিশ্রুতি দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে দলংখনৰ নির্মাণো সম্পূৰ্ণ হৈছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা নতুন যাত্রাও আৰম্ভ হৈছে। তেওঁ সকলোকে এই প্রয়াসত সমর্থন জনাবলৈ আৰু এখন নতুন অসমৰ বুনিয়াদ নির্মাণত সহায় কৰিবলৈ আহ্বান জনাই কয় যে পৰম্পৰা আৰু ঐতিহ্যৰ ভেটিত চৰকাৰে এখন নতুন আৰু আধুনিক অসম নিৰ্মাণ কৰিব বিচাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ উদ্ধৃতিৰে মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বিকাশ আৰু ঐতিহ্য দুয়োটাকে সন্মুখত লৈ চৰকাৰে এখন নতুন অসমৰ সপোন দেখিছে। ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, অন্ধ্রপ্রদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ আদি ৰাজ্যত পুৰণা, ঠেক পৰিসৰৰ উচ্চ ন্যায়ালয় নতুনকৈ নিৰ্মাণ কৰিছে বুলি সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই আধুনিক অসম গঢ়াৰ, আকাশ চুৱাৰ অধিকাৰ অসমৰ ৰাইজৰ নাই নেকি বুলি প্রশ্ন কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্তক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ন্যায়পালিকাক নিজৰ সাংবিধানিক দায়িত্ব পালনত সহযোগিতা কৰাৰ বাবে চৰকাৰৰ কৰণীয়খিনি কৰিবলৈ তেওঁ উৎসাহিত কৰিছে। ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ বিজয় বিষ্ণয়ে ৰংমহলত উচ্চ ন্যায়ালয় নিৰ্মাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা স্থিতিৰ বাবে কোনো সময়ত সম্মুখীন হোৱা অনাহৃত পৰিস্থিতিৰ বাবে দুখ প্রকাশ কৰি কয় যে ইয়াত দুয়োগৰাকী ন্যায়াধীশৰ কোনো ব্যক্তিগত স্বার্থ নাছিল, উচ্চ ন্যায়ালয়খনক আগবঢ়াই নিয়াই তেওঁলোকৰ একমাত্র স্বার্থ আছিল।

মুখ্যমন্ত্রী ড° শর্মাই কয় যে দুটা পর্যায়ত ৰূপায়ণ হ’বলগীয়া এই সমগ্র প্রকল্পটোত চৰকাৰে প্ৰায় ১,৭০০ কোটি টকা ব্যয় কৰিব। প্রথম পৰ্যায়ৰ কাম ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। অনুষ্ঠানত ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ভার্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল ক্রমে উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কোটিশ্বৰ সিং আৰু বিজয় বিষ্ণয়, উচ্চতম ন্যায়ালয়ৰ কেই বাগৰাকীও প্রাক্তন ন্যায়াধীশ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেই বাগৰাকী প্রাক্তন মুখ্য ন্যায়াধীশ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ, ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকল, ন্যায়াধীশ মাইকেল জোথাংখুমাকে ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেই বাগৰাকীও বৰ্তমানৰ তথা প্রাক্তন ন্যায়াধীশ, কেন্দ্রীয় আইন আৰু ন্যায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্র) অর্জুন ৰাম মেঘৱাল, ৰাজ্য চৰকাৰৰ আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, পৰিৱেশ আৰু বনমন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ককে ধৰি অন্যান্য বিষয়ববীয়াসকল, অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ মহাধিবক্তাসকল, বাৰ কাউঞ্চিলৰ প্ৰতিনিধিকে ধৰি বহুসংখ্যক অধিবক্তা তথা ন্যায়িক সমাজৰ গণ্য-মান্য ব্যক্তি, মুখ্য সচিব ড° ৰবি কোটা আৰু আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিঙকে ধৰি অসম চৰকাৰৰ শীর্ষ প্রশাসনিক বিষয়ববীয়াসকল উপস্থিত থাকে।