৯ বছৰীয়া নৰেন্দ্ৰ মোদী চৰকাৰক ধন্যবাদ ৰাজ্যিক বিজেপিৰ

৯ বছৰীয়া নৰেন্দ্ৰ মোদী চৰকাৰক ধন্যবাদ ৰাজ্যিক বিজেপিৰ

অসমে আন্দোলন নকৰাকৈ লাভ কৰিলে প্ৰায় ৬ লাখ কোটি টকাৰ আঁচনি আৰু প্ৰকল্প

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ যশস্বী প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰখনে ৯ টা বৰ্ষ সফলতাৰে সম্পূৰ্ণ কৰিছে। ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখপাত্র সুভাষ দত্তই আজি এক প্ৰেছ বিবৃতিত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি তথা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি কয়, বিগত ৯ টা বছৰত অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা আন্দোলন নকৰাকৈ ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে অভিলেখ সংখ্যক প্রকল্প তথা আঁচনি লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। এই বিভিন্ন আঁচনি তথা প্ৰকল্পৰ বিপৰীতে কেন্দ্ৰই প্ৰায় ৬ লাখ কোটি টকা মুকলি কৰি দিছে। ইয়াৰ ভিতৰত জল জীৱন মিছনৰ অধীনত ২৫ হাজাৰ গাঁও সংযুক্ত কৰা হৈছে। প্ৰায় ১২ লাখ পৰিয়ালে প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত গৃহ লাভ কৰিছে। অসমত এইমছ ইতিমধ্যে মুকলি হৈছে। ইয়াৰ উপৰিও ১৪ খন নতুন মেডিকেল কলেজ নির্মাণ হৈছে। ৩০০ খন মডেল হাস্পতাল, ৬০০ খন প্রাথমিক স্বাস্থ্য কেন্দ্র, ১৭ খন কেন্সাৰ প্ৰতিষ্ঠান ৫০০ তকৈও অধিক নতুন আই চি ইউ নির্মাণ সম্পূৰ্ণ হৈ উঠিছে। লখিমপুৰ, তিনিচুকীয়া, কোকৰাঝাৰ, গুৱাহাটীত ছাইৰ অধীনত ক্ৰীড়া প্রকল্প নির্মাণ সম্পূর্ণ হৈছে। ইতিমধ্যে ৰাজ্যত ১০ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে। ১৮০০ নতুন পকী দলং নিৰ্মাণ সম্পূৰ্ণ হৈছে। ৩৬ লাখ মহিলাক গেছ সংযোগ প্ৰদান কৰিছে। ৪৫ লাখ শৌচাগাৰ নিৰ্মাণ হৈছে। শৈক্ষিক ক্ষেত্ৰত ৬ খন নতুন ইঞ্জিনীয়াৰিং কলেজ, ৬ খন মহিলা মহাবিদ্যালয় নির্মাণ হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিল, ঢলা-শদিয়া, শৰাইঘাট দলং মুকলি কৰাৰ উপৰিও ৫ খন নতুন দলং নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ পলিমাৰ লিমিটেড মুকলি হৈছে, প্ৰকল্পটোৰ বাবে ৫০০০ কোটি ৰাজ সাহাৰ্য্য লাভ কৰিছে। অসম পেট্রকেমিকেল লিমিটেডৰ নতুন প্রকল্প কার্যক্ষম তথা মুকলি হৈছে। নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা তিনি মিলিয়ন মেট্ৰিক ট্ৰনৰ পৰা ৯ মিলিয়ন মেট্রিক ট্ৰনলৈ সম্প্ৰসাৰণ কৰা হৈছে। ইন্দ্ৰধনু গেছ গ্রীড প্ৰকল্পৰ বাবে ৬ হাজাৰ কোটি টকা মুকলি কৰি দিছে। অসমৰ ৮০ লাখ লোকক জনধন একাউণ্টৰ সুবিধা প্ৰদান কৰিছে। প্ৰায় ১ কোটি লোকক প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অন্তভূক্তি কৰা হৈছে। ৪৫ লাখ লোকক প্রধানমন্ত্রী জীৱনজ্যোতি বীমা যোজনাৰ অন্তৰ্ভূক্ত কৰা হৈছে। ৰাজ্যত আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ আৰম্ভ হৈছে। যোগীঘোপাত লজিষ্টিক পার্ক নির্মাণ হৈছে। পাণ্ডু আৰু বগীবিল বন্দৰৰ আধুনিকীকৰণ হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত কার্গো জাহাজ চলাচলা আৰম্ভ হৈছে। ৰূপসী বিমান বন্দৰ নতুনকৈ নিৰ্মাণ হৈছে। গুৱাহাটী বিমান বন্দৰ নৱনিৰ্মাণ, ডিব্ৰুগড়ত ৰাণৱে’ সম্প্ৰসাৰণ হৈছে। গুৱাহাটীত ফৰেণচিক বিশ্ববিদ্যালয় নির্মাণ হৈছে। গোগামুখত কৃষি গৱেষণা প্ৰতিষ্ঠান নির্মাণ হৈছে। শিৱসাগৰক হেৰিটেড চিটিৰ অন্তৰ্ভুক্ত কৰাৰ লগতে চৰাইদেউক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণাৰ বাবে ইউনেস্কলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ কৰাৰ লগতে বিটিচি আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদলৈ অতিৰিক্ত মঞ্জুৰি প্ৰদান কৰিছে । অসমে চতুদর্শ বিত্তীয় আয়োগৰ বিশেষ অনুদান লাভ কৰিছে। গুৱাহাটীত স্মার্ট চিটি প্রকল্প নির্মাণ চলি আছে। দ্বৈত ৰেল লাইন সম্প্ৰসাৰণ আৰু ৰেল পথ বৈদ্যুতিকীকৰণ হৈছে। গুৱাহাটীত বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভণি হৈছে। অসমে খাৰুৱা তেলৰ ৰয়েল্টিৰ বাবদ পাবলগা ৭৭৭০ কোটি টকা মুকলি কৰি দিছে। আমগুৰিত সৌৰশক্তি প্ৰকল্পৰ কাম আৰম্ভ হৈছে। চাবুৱাত অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় আৰু মঙলদৈত দক্ষতা বিকাশ বিশ্ববিদ্যালয় নিৰ্মাণ হৈ আছে। অসমৰ গামোচাই জি আই টেগ লাভ কৰিছে। অসমত কেইবাখনো জি-২০ বৈঠক সফলভাৱে অনুষ্ঠিত হৈছে। সীমান্তক কাইটীয়া তাঁৰৰ বেৰা নিৰ্মাণ সম্পূৰ্ণ হৈছে। মুখপাত্ৰ গৰাকীয়ে লগতে কয়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহযোগিতা তথা অসমৰ প্ৰতি থকা আন্তৰিকতাৰ বাবে এনেধৰণৰ সৰ্বাংগীন বিকাশ সম্ভৱ হৈ উঠিছে আৰু অনাগত দিনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যেতিয়া তৃতীয় বাৰৰ বাবে বিজেপি চৰকাৰ শাসনলৈ আহিব তেতিয়া অসমে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নৰ দিশত আৰু অধিক দৃঢ়তাৰে আগুৱাই যাবলৈ সক্ষম হ’ব।