৯৫ শতাংশ নম্বৰৰে সোণৰ পদক লাভ ফাৰ্মাচিষ্ট বি ফাৰ্মৰ ছাত্ৰী তাজমিনা চুলতানা হুছেইনৰ : ৰাজ্যপালে প্ৰদান কৰিলে পদক
যদুমণি হাজৰিকা,নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা– নাজিৰা মহকুমাৰ শিমলুগুৰি শিলাসাকোঁ ৰামুগাঁৱৰ নিবাসী তথা গুৱাহাটী ডাউন টাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰী তাজমিনা চুলতানা হুছেইনে ফাৰ্মাচিষ্ট বি ফাৰ্মৰ পৰীক্ষাৰ সদ্য ঘোষিত ফলাফলত ৯৫ শতাংশ নম্বৰেৰে সোণৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে । শিমলুগুৰি শিলাসাঁকো ৰামুগাঁৱৰ নিবাসী তথা আবকাৰী বিভাগৰ বিষয়া আব্দুল হুছেইন আৰু চৈয়দা হামিদা বেগমৰ একমাত্ৰ কন্যা তাজমিনা চুলতানা হুছেইনে গুৱাহাটী ডাউন টাউন বিশ্ববিদ্যালয়ত ফাৰ্মাচিষ্ট বি ফাৰ্মত ২০১৯ চনত নামভৰ্তি কৰি ২০২৩ বৰ্ষত অনুষ্ঠিত চুড়ান্ত পৰীক্ষাত ৯৫ % নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ সোণৰ পদক লাভ কৰে । ২৬ আগষ্টত বিশ্ববিদ্যালয়খনৰ দশম সমাবৰ্তনত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আনুষ্ঠানিক ভাৱে কৃৰ্তি ছাত্ৰী তাজমিনা চুলতানা হুছেইনক সোণৰ পদক প্ৰদান কৰে । উল্লেখ্য যে মেধাবী ছাত্ৰী তাজমিনা চুলতানা হুছেইনে ২০১৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিনিচুকীয়া চেন্ট ষ্টিফেন স্কুলৰ পৰা ৯৩.৩ শতাংশ আৰু উচ্চতৰৰ ২০১৯ বৰ্ষৰ চুড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৮৭.৫ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল ।মেধাৱী ছাত্ৰী তাজমিনা চুলতানা হুছেইনে জনাই যে সফলতা অৰ্জনৰ বাবে সময়ৰ সদব্যৱহাৰ , কষ্ট, ত্যাগ কৰিবই লাগিব । ইয়াৰ অবিহনে সফলতা অসম্ভৱ বুলি কৈ তাজমিনাই বৰ্তমান উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে বুলি জনাই । শিমলুগুৰি শিলাসাঁকোৰ বৃহৎ অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত সোণৰ পদক অৰ্জন কৰা মেধাৱী ছাত্ৰী তাজমিনা চুলতানা হুছেইনৰ গৌৰৱত গৌৰাম্বিত সমগ্র অঞ্চল।