৮.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে গ’ল ৰাছিয়াক

৮.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে গ’ল ৰাছিয়াক

ৰঙিলী বাৰ্ত্তাসেৱা-  বুধবাৰে পুৱাই এক প্ৰৱল ভূমিকম্পই জোকাঁৰি গ’ল ৰাছিয়াক। ৰিখটাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৮.৮ । এই প্ৰৱল ভূমিকম্পৰ পিছত সমগ্ৰ অঞ্চলটোত ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ভূমিকম্পটোৰ অভিকেন্দ্ৰ কামচাটকাৰ পূব উপকূলৰ ওচৰত ৫২.৫৬ ডিগ্ৰী উত্তৰে আৰু ১৬০.১০ ডিগ্ৰী পূবে আৰু ইয়াৰ গভীৰতা আছিল ৫৫ কিলোমিটাৰ । লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বতৰ সেৱাই (এন ডব্লিউ এছ) ছুনামিৰ সতৰ্কতা জাৰি কৰিছে । হাৱাই, গুৱাম আৰু উত্তৰ মাৰিয়ানা দ্বীপসমূহৰ বাবেও ছুনামি হোৱাৰ সতৰ্কতা জাৰি কৰা হৈছে । যুক্তৰাষ্ট্ৰৰ ভূ-বিজ্ঞান সেৱাৰ মতে, ভূমিকম্পটো ৰাছিয়াৰ পেট্রোপাভ্লভস্কৰ ১৩৬কিমি দক্ষিণ পূবত সংঘটিত হৈছে । বুধবাৰে পুৱা ৮.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছত ৰাছিয়াৰ কুৰিল দ্বীপপুঞ্জ আৰু জাপানৰ উত্তৰ দিশৰ বৃহৎ দ্বীপ হোকাইডোৰ উপকূলীয় অঞ্চলতো ছুনামিৰ আশংকা কৰা হৈছে । হনোলুলুত ছুনামিৰ চাইৰেন বাজি উঠাৰ লগে লগে মানুহক ওখ ঠাইলৈ যাবলৈ কোৱা হৈছে । বতৰ বিজ্ঞানীসকলে আগজাননী প্ৰদান কৰিছে যে, প্ৰায় ১৩ফুট উচ্চতালৈকে সাগৰীয় পানী ওপৰলৈ উঠি বিভীষিকাৰ সৃষ্টি কৰিব পাৰে। বিগত এটা দশকত ৰাছিয়াত  এইটোৱে সবাতোকৈ ডাঙৰ ভূমিকম্প বুলি অভিত কৰা হৈছে।