৮, ২০৬গৰাকী প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই

৮, ২০৬গৰাকী প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা- খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়, মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু ৰাজ্যিক শিক্ষা গৱেষণা-প্রশিক্ষণ পৰিষদৰ অধীনত ৮,২০৬গৰাকী প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। ৮২০৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৬৩গৰাকী প্ৰাৰ্থীক সহকাৰী অধ্যাপক পদত আৰু ১১০গৰাকীক তৃতীয়বৰ্গৰ পদত, মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ১,২৭৫ গৰাকী স্নাতকোত্তৰ আৰু ৬,৫২২গৰাকী স্নাতক শিক্ষক পদত, ৰাজ্যিক শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদৰ অধীনত ২৮গৰাকীক জিলা শিক্ষা প্রশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা পদত আৰু ৮গৰাকীক ৰাজ্যিক শিক্ষা গবেষণা প্রশিক্ষণ পৰিষদত সহকাৰী সঞ্চালক পদত নিযুক্তি দিয়া হৈছে। এই নিযুক্তিৰ পিছত বৰ্তমান চৰকাৰৰ কাৰ্যকালত মেধাৰ ভিত্তিত আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে চৰকাৰী চাকৰিত নিযুক্তি পোৱা প্ৰাৰ্থীৰ সংখ্যা ১,৩৪,৯৯৯ গৰাকীলৈ বৃদ্ধিপালে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে নিযুক্তিপ্রাপ্ত যুৱক-যুৱতীসকলে বহু দিনৰ তপস্যাৰ অন্তত এটা লক্ষ্যত উপনীত হৈছেহি। ক’তো এটকাও নিদিয়াকৈ পোৱা চাকৰি এটা প্রাপ্তি। এনে প্রাপ্তিয়ে আন বহু প্ৰাপ্তিৰ বাট মুকলি কৰে। অসমত প্ৰতিভাৰ অভাৱ নাই। এই প্রতিভাসমূহ চিনাক্ত কৰি উপযুক্ত শিক্ষা দিব পাৰিলে তেওঁলোকে বহুতো ভাল কাম কৰিব পাৰিব। শিক্ষকতাৰ কালছোৱাত একো একোটা মানৱ সম্পদ গঢ় দিব পাৰিলে সেয়া শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে ডাঙৰ প্ৰাপ্তি হ’ব। নিজৰ শিক্ষার্থী সূৰুযৰ দৰে জিলিকি উঠিলে নিযুক্তি পোৱাতকৈও শিক্ষক-শিক্ষয়িত্রীসকলে অধিক আনন্দ পাব। আজিৰ প্ৰাপ্তিক দেশৰ বাবে, জাতিৰ হকে ব্যৱহাৰ কৰিবলৈ তেওঁ নিযুক্তিপ্রাপ্তসকলক আহ্বান জনায়। ৰাজহুৱা শিক্ষা ব্যৱস্থাক সঠিক দিশত আগবঢ়াই নি ৰাজ্যবাসীৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব পৰাটো এটা ডাঙৰ প্রত্যাহ্বান বুলি মন্তব্য কৰি ড° শৰ্মাই কয় যে ২০১১ চনৰ পূৰ্বে শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াত ৰাজনৈতিক হস্তক্ষেপ চলিছিল। কলেজ শিক্ষকৰ নিযুক্তত স্বজন-তোষণ হৈছিল। ৰাজনৈতিক উদ্দেশ্যৰে শিক্ষকসকলক নিযুক্তি দিয়া হৈছিল। কলেজত এটা শিক্ষক পদৰ বিপৰীতে ২-৩জন শিক্ষক নিযুক্তি দিয়া হৈছিল। শিক্ষকৰ চাকৰিৰ মুকলি বজাৰ চলিছিল।  শিক্ষক নিযুক্তি নিকা আৰু স্বচ্ছ কৰিব নোৱাৰিলে ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ মূল কাঠামো সোনকালে ভাগি পৰিব বুলি শংকা কৰি ২০১১ চনত শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মহাবিদ্যালয়ত বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ম অনুসৰি আৰু প্রাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত টেটৰ জৰিয়তে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰোঁতে শিক্ষক নিযুক্তি ব্যৱস্থাটোলে এটা জোকাৰণি অহাৰ কথা উল্লেখ কৰি তেওঁ এনেদৰে নিযুক্তি দিবলৈ যাওঁতে ৰাজনৈতিক প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ বিষয়ে উল্লেখ কৰে। ২০১২ চনত এটা বিশাল ৰাজনৈতিক সংগ্ৰামৰ পিছত বিদ্যালয়ত আৰু কলেজত মেধাৰ ভিত্তিত শিক্ষক নিযুক্তি দিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে নিকা নিযুক্তি দিব নোৱাৰিলে ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস হ’ব, অসম কেতিযাও দেশৰ আগশাৰীৰ ৰাজ্য হ’ব নোৱাৰিব। প্ৰতিটো টেট পৰীক্ষাতে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতী উত্তীৰ্ণ হৈ শিক্ষক হিচাপে নিযুক্ত হৈছে। কলেজতো স্বচ্ছতাৰে নিযুক্তি দিয়া হৈছে।বিগত বিধানসভা নির্বাচনত মেধাৰ ভিত্তিত ১ লাখ চৰকাৰী নিযুক্তিৰ প্ৰতিশ্রুতি দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই সংখ্যা ১ লাখ অতিক্রম কৰি আজি ১,৩৪,৯৯৯ গৰাকীলৈ বৃদ্ধি পাইছে। ইমান বৃহৎসংখ্যক পদত হোৱা নিযুক্তিৰ বিপৰীতে নিযুক্তিক লৈ এটাও দুর্নীতিৰ অভিযোগ উত্থাপন হোৱা নাই। এই নিযুক্তি প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, সমবায় মন্ত্রী যোগেন মহন, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, শক্তিমন্ত্রী প্রশান্ত ফুকন, মীনমন্ত্রী কৃষ্ণেন্দু পাল, সাংসদ বিজুলী কলিতা মেধি প্ৰমুখ্যে শিক্ষা বিভাগৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।