৮ মাৰ্চত শুভমুক্তি নতুন অসমীয়া ছবি – ‘কুঁহি

৮ মাৰ্চত শুভমুক্তি নতুন অসমীয়া ছবি – ‘কুঁহি

মৃদুস্মিতা শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা– অসমীয়া ছবিজগতলৈ আহিছে আন এক শুভ বাৰ্তা । দৃশ্যগ্ৰহণ, সম্পাদনা, ডাবিংকে ধৰি সকলো যাবতীয় কাম সম্পূৰ্ণ কৰি বৰ্তমান মুক্তিৰ ক্ষণ গণিছে এখন নতুন অসমীয়া পুৰ্ণদৈঘ্যৰ ছবিয়ে। বহু প্ৰত্যাশিত এই ছবিখনৰ নাম ‘কুঁহি’ । ছবিখনৰ প্ৰযোজনা ড০ নিখিলেশ বৰুৱাৰ । ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা লৰ্ড দাসৰ । এঞ্জেল ফিল্মচ আৰু হাইভ ষ্টুডিঅৰ বেনাৰত নিৰ্মিত ছবিখনৰ সম্পাদনা কৰিছে ৰিতুৰঞ্জন হাতীমূৰীয়াই। স্বাভাৱিকতেই ‘কুঁহি ‘ এখন পৰিয়ালৰ সকলোৰে উপভোগ্য ভাল ছবি হব । মূলতঃ সাম্প্ৰতিক সময়ৰ যুৱ প্ৰজন্মৰ জীৱন যাত্ৰাৰ ভাল-বেয়া, উত্থান-পতন আদি দুয়োটা দিশক কেন্দ্ৰ কৰিয়েই ছবিখন নিৰ্মান কৰা বুলি জানিবলৈ দিয়ে প্ৰযোজকে । ছবিখনৰ অভিনয়ৰ দিশত আছে চলচ্চিত্ৰ লগত বলিষ্ঠ অভিনেতা ভাৰ্গৱ কটকী, চেতনা দাস, ড০ নিখিলেশ বৰুৱা, ৰূপম শৰ্মা, পাৰ্থিৱ প্ৰিয়ানুজ, প্ৰিয়া বৰুৱা, গৰ্গেশ্বৰ দাস, মুন বৰুৱা, মন ময়ুৰী শইকীয়া, চন্দ্ৰাৰিকা শৰ্মা, নিপন কলিতা, ভবেন্দ্ৰ দেৱ গোস্বামী, উপাসনা ভৰদ্বাজ, আশুতোষ ৰাজ প্ৰীতম, মামণি দাস, দীক্ষিতা, লিপিকা আদিৰ লগতে বহুতো ন-পুৰণি শিল্পী। । ছবিখনৰ সংগীত আৰু আৱহ সংগীত ক্ৰমে মানস দাস আৰু কবিন্দ্ৰ দাসৰ । সহযোগী উদ্দীপ্ত শৰ্মা। ‘ কুঁহি’ ৰ গীত সমূহত কণ্ঠদান কৰিছে ৰক্তিম দত্ত আৰু দীক্ষিতা দাসে । গীতিকাৰ- সুৰজিত শৰ্মা। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চেৰাপুঞ্জী তথা মেঘালয়ৰ বহুতো মনোৰম ঠাইত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা বুলিও জানিবলৈ দিয়ে পৰিচালক লৰ্ড দাসে। ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰসেনজিত আৰু অমৰে । অহা ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই ৰাজ্যৰ ২৩ টাকৈ ছবিগৃহত মুক্তি লাভ কৰিব ‘কুঁহি’- এ।