৮ ফেব্ৰুৱাৰীত ৰাজহুৱা হ’ব গৌৰৱৰ পাকিস্তান লিংক

৮ ফেব্ৰুৱাৰীত ৰাজহুৱা হ’ব গৌৰৱৰ পাকিস্তান লিংক

ৰঙিলী বাৰ্ত্তাসেৱা- দীর্ঘদিনীয়া চৰ্চাৰ অন্তত অৱশেষত অহা ৮ ফেব্ৰুৱাৰীত ৰাজহুৱা কৰা হ’ব গৌৰৱ গগৈৰ পাকিস্তান লিংক। ৮ ফেব্ৰুৱাৰীত সংবাদমেলযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এছ আই টিয়ে কৰা তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিব । মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই বিষয়ে বিস্তৃত তথ্য ৰাজহুৱা কৰে। কেবিনেট মেম’ৰেণ্ডাম হিচাপে ৰাজহুৱা হ’ব এছআইটিয়ে গৌৰৱ গগৈ সন্দর্ভত প্ৰস্তুত কৰা প্ৰতিবেদন। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেবিনেট সিদ্ধান্ত সদৰী কৰি জানিবলৈ দিয়ে যে আলী তৌকিৰ শ্বেখ নামৰ এজন ব্যক্তি সন্দৰ্ভত ৰুজু কৰা এটা গোচৰত তদন্ত চলাই এছআইটিয়ে প্রস্তুত কৰিছিল এক প্রতিবেদন। উক্ত প্রতিবেদন সন্দর্ভত কেবিনেটত অনানুষ্ঠানিকভাৱে আলোচনা কৰা হয়। পাৱাৰ প্রেজেন্টেচনৰ জৰিয়তে দাঙি ধৰা এই প্রতিবেদন সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়- আলী তৌকিৰ শ্বেখ নামৰ ব্যক্তি এজনৰ বিৰুদ্ধে যি গোচৰ ৰুজু হৈছিল, সেই সংক্রান্তত গঠন কৰা এছআইটিৰ ওপৰত অনানুষ্ঠানিক আলোচনা হয়। কেবিনেটে গৃহ বিভাগক নির্দেশ দিছে যে ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগা কেবিনেট বৈঠকত আনুষ্ঠানিকভাৱে বিষয়টো আনিব লাগে আৰু আজিৰ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে ৮ ফেব্ৰুৱাৰীৰ দিনৰ ১০.৩০ বজাত সংবাদ মেলৰ জৰিয়তে এছআইটিৰ প্রতিবেদনখন যিমানদূৰ সম্ভৱ, সিমানখিনি ৰাজহুৱা কৰিব লাগে। গতিকে ৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া কেবিনেট বৈঠকত গৃহ-ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত কেবিনেট মেম’ৰেণ্ডামখন আনিব আৰু ৮ ফেব্ৰুৱাৰীত ইয়াক ৰাজহুৱা কৰা হ’ব। দিছপুৰৰ লোকসেৱা ভৱনত ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত সংবাদ মেলত ৰাষ্ট্ৰীয় সংবাদ প্রতিষ্ঠানকো আমন্ত্রণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে এই সন্দর্ভত উল্লেখ কৰে যে এছআইটিৰ প্রতিবেদনত আলী তৌকিৰ শ্বেখৰ উপৰি গৌৰৱ গগৈ, তেওঁৰ পত্নী এলিজাবেথ কলবার্ন গগৈৰ পাকিস্তান লিংক পোৱা গৈছে। সেয়ে আজিৰ কেবিনেটত এই তিনিগৰাকী ব্যক্তিৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দাঙি ধৰিছে। তিনিওজন ব্যক্তিৰ পাকিস্তান লিংক সম্পর্কত এছআইটিয়ে পাৱাৰ প্রেজেন্টেচনো দাঙি ধৰে কেবিনেটত। এই প্রতিবেদন প্রত্যক্ষ কৰি কেবিনেটৰ মন্ত্ৰীসকল হতচকিত হৈ পৰে। উল্লেখ্য যে ২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত অসম কেবিনেটে এজন পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখ আৰু তেওঁৰ সহযোগীসকলৰ ভাৰতবিৰোধী কাৰ্যকলাপৰ তদন্তৰ বাবে এছআইটি গঠনৰ অনুমোদন দিছিল। এছআইটিয়ে বিস্তৃত তদন্তৰ অন্তত আলী তৌকিৰ শ্বেখৰ ভাৰতবিৰোধী কাৰ্যকলাপৰ সৈতে এজন ব্ৰিটিছ নাগৰিকৰ সম্পর্ক তথা তেওঁৰ কাৰ্যকলাপত জড়িত থকাৰ তথ্য লাভ কৰিছিল। তদুপৰি এছআইটিয়ে পাকিস্তান চৰকাৰৰ বৈদেশিক মন্ত্রালয়ে অসমৰ পৰা যোৱা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ দেশ ভ্ৰমণৰ সুবিধা কিদৰে কৰিছিল সেই তথ্যও পোহৰলৈ আনিছিল। মুখ্যমন্ত্রীয়ে লগতে স্পষ্ট কৰে যে ৭ ফেব্ৰুৱাৰীত কেবিনেটত আনুষ্ঠানিকভাৱে এছআইটিৰ প্রতিবেদন অহাৰ পিছত ইয়াৰ পৰৱৰ্তী তদন্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰিয়তে কৰা হ’ব নে, ‘নিয়া’ বা আন তদন্তকাৰী সংস্থাৰ জৰিয়তে কৰা হ’ব তাৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব। ড° শৰ্মাই লগতে মন্তব্য কৰে যে, ‘‘তৰুণ গগৈৰ পুত্ৰই এই পৰ্যায়লৈ কেনেকৈ যাব পাৰিলে সেইটো লৈ আমাৰো গভীৰ চিন্তা হৈছে। নিৰ্বাচনৰ সময়ত কিছুমানে তেওঁলোকৰ পক্ষ লৈ কথা ক’ব পাৰে। কিন্তু সাধাৰণ নাগৰিকৰ বাবে এই প্ৰতিবেদন যথেষ্ট আচৰিত আৰু গুৰুত্বপূৰ্ণ হ’ব। টক শ্ব’ত কি আলোচনা হ’ব মই ক’ব নোৱাৰোঁ, কিন্তু সাধাৰণ মানুহৰ বাবে এইটো এক স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ ডকুমেণ্ট হ’ব। ৮ ফেব্ৰুৱাৰীত এই বিষয়টোৰ আমি যৱনিকা পেলাম। তাৰ পিছত ভাৰত চৰকাৰে যি সিদ্ধান্ত ল’ব, সেই অনুসাৰেই আগবঢ়া হ’ব।’’