৮ ছেপ্টেম্বৰত যতীন্দ্ৰ কুমাৰ বৰগোঞিৰ জন্মদিন “জাতীয় অধিকাৰৰ দিন” হিচাপে উদ্যাপন
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ জাতীয় অধিকাৰ ৰক্ষাৰ এগৰাকী অগ্ৰণী সৈনিক, বিশিষ্ট সাংবাদিক, বিশিষ্ট অৰ্থনীতিবিদ, কবি, গল্পকাৰ, ঔপন্যাসিক, ৰাজনৈতিক পৰ্যবেক্ষক তথা “মাটিৰ মানুহ” কাকতৰ প্ৰথম অধ্যায়ৰ উপদেষ্টা প্ৰয়াত যতীন্দ্ৰ কুমাৰ বৰগোঞিৰ ৭৫ সংখ্যক জন্মদিন ৮ ছেপ্টেম্বৰত “জাতীয় অধিকাৰৰ দিন” হিচাপে “মাটিৰ মানুহ”ৰ কেন্দ্ৰীয় কাৰ্যালয় গুৱাহাটীত উদ্যাপন হ’ব। জাতীয় জীৱনৰ ক্ষেত্ৰত আপোচহীন স্থিতি গ্ৰহণ কৰা বহুমুখী প্ৰতিভাধৰ প্ৰয়াত যতীন্দ্ৰ কুমাৰ বৰগোঞিয়ে প্ৰয়াত নিবাৰণ বৰাৰ অতি প্ৰিয় লোক আছিল। অসংখ্য গুণৰ অধিকাৰী হোৱা সত্বেও তেওঁ নিজকে এজন খেতিয়ক হিচাপেহে চিনাকি দি ভাল পাইছিল আৰু প্ৰকৃততে তেওঁ এজন আদৰ্শ খেতিয়ক আছিল। তেওঁ ক্ষেত্ৰীৰ সমীপত ২০ বিঘা মাটি ভাৰাত লৈ নিজে খেতিও কৰিছিলি। কৃষকৰ স্বাৰ্থত প্ৰকাশিত “মাটিৰ মানুহ” কাকত খন জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰা সকলৰ ভিতৰত তেঢঁ এজন আছিল। কাকতখনৰ সৈতে জন্মলগ্নৰে জড়িত আছিল। উল্লেখযোগ্য যে- মাটিৰ মানুহৰ উদ্যোগত ২০০৫ চনতে তেওঁৰ জন্মদিনটো “জাতীয় অধিকাৰৰ দিন” হিচাপে উদ্যাপন কৰা হৈছিল।উক্ত অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে সকলোকে আহ্বান জনাইছে উদ্যোক্তাসকলে৷